অসম প্ৰিমিয়াৰ লীগ,মৰণপণ মেচত নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ জয়

August 17, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

হৃষিকেশ তামুলীৰ অনবদ্য বেটিং আৰু প্ৰিতিশ ৰাহা ৰয়ৰ দৰ্শনীয় বলিঙৰ সহায়ত চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সোমবাৰে হোৱা দিনটোৰ প্ৰথম মেচখনত নগাঁও ৰেঞ্জাৰ্ছক ৩৮ ৰাণত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে৷ বিপৰীতে নগাঁও ইতিমধ্যে নকআউট দৌৰৰ পৰা আঁতৰি অহাত দলৰ বাবে মেচ কায্যতঃ গুৰুত্বহীন আছিল৷

এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ছানৰাইজাৰ্ছে দিয়া ১৭৪ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি ৰেঞ্জাৰ্ছে ২০ অভাৰত ন উইকেট হেৰুৱাই ১৩৫ ৰাণ কৰে৷ দলৰ হৈ অপেনাৰ সুমিত কাশ্যপ ৪২ ৰাণ কৰাৰ বিপৰীতে আলতাফ আলমে অপৰাজিত ২৫ ৰাণ কৰে৷ জিতু আলী [২১] আৰু শিভম ঘোষে [১৯] সুন্দৰ আৰম্ভনি কৰিয়ো দৃঢ়তা প্ৰদৰ্শনত ব্যৰ্থ হয়৷ চৰাইদেউ দলৰ স্পীনাৰ প্ৰিতিশে ১৬ ৰাণত চাৰিটা উইকেট লাভ কৰাৰ বিপৰীতে ঋষভ দীপকে ১৩ ৰাণত আৰু হিমাংশুই ২৮ ৰাণত দুটাকৈ উইকেট পায়৷

ইয়াৰপূৰ্বে গুৰুত্বপূৰ্ণ মেচখনত চৰাইদেউ ছানৰাইজাৰ্ছে টছ হাৰি পোনতে বেটিং কৰে৷ দলৰ আৰম্ভনি সুখৰ নাছিল৷ অধিনায়ক সুমিত ঘাডিগাওকাৰ আৰু মানসজ্যোতি গগৈয়ে ৰাণ নকৰাকৈ আউট হোৱাৰ লগতে কালাম ৰাজাও পেভিলিয়নমুখি হোৱাত ১৯ ৰাণতে দলে তিনিটা উইকেট হেৰুৱায়৷

কিন্তু অপেনাৰ হৃষিকেশ তামুলী [৫৪]য়ে দক্ষতাৰে অৰ্ধশতক অৰ্জন কৰাৰ লগতে সৌম্য কান্তি পলৰ [৩১] লগত ৪৯ ৰাণৰ আৰু ঋষভ দীপকৰ [২৭] লগত ৩৮ ৰাণৰ দুটা গুৰুত্বপূৰ্ণ যুটি বান্ধি ছানৰাইজাৰ্ছক দৃঢ় স্থিতিত উপনিত কৰায়৷ ইনিংছৰ শেষৰফালে তেজ খানে ২১ ৰাণ কৰে আৰু চৰাইদেউ দলে ১৯.১ অভাৰত ১৭৩ ৰাণত ইনিংছ সামৰে৷

ছানৰাইজাৰ্ছৰ ইনিংছৰ আৰম্ভনিতে ধুমুহাৰ সৃষ্টি কৰা নগাঁও ৰেঞ্জাৰ্ছৰ পেচাৰ সুনীল লাচিতে ২০ ৰাণত তিনিটা উইকেট দখল কৰাৰ লগতে দলৰ অধিনায়ক সুমিত কাশ্যপেও তিনিটা উইকেট পায় ৩৪ ৰাণ খৰছ কৰি৷ আনহাতে, জিতু আলীয়ে দুটা উইকেট লাভ কৰে৷

সংক্ষিপ্ত স্ক’ৰঃ
চৰাইদেউ ছানৰাইজাৰ্ছে ৩৮ ৰাণত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক

চৰাইদেউ ছানৰাইজাৰ্ছঃ১৯.১ অভাৰত ১৭৩-১০ [হৃষিকেশ তামুলী ৫৪, সৌম্য কান্তি পল ৩১, ঋষভ দীপক ২৭, তেজ খান ২১ ; সুনীল লাচিত ২০-৩, সুমিত কাশ্যপ ৩৪-৩, জিতু আলী ১৯-২]৷

নগাঁও ৰেঞ্জাৰ্ছঃ ২০ অভাৰত ১৩৫-৯ [সুমিত কাশ্যপ ৪২, আলতাফ আলম অপঃ২৫, জিতু আলী ২১, শিভম ঘোষ ১৯ ; প্ৰিতিশ ৰাহা ১৬-৪, ঋষভ দীপক ১৩-২, হিমাংশু ২৮-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *