গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
বৰপেটা ব্ৰেভছে দ্বিতীয়টো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত সোমবাৰে নিশা অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন মেচত ব্ৰেভছে সাত উইকেটত বৰাক লিজেণ্ডছক হৰুৱাই নখন মেচৰ পৰা ১২ পইণ্ট অৰ্জন কৰি তালিকাৰ শীৰ্ষস্থানতো উপনিত হয়৷
ৰাণ সংগ্ৰহৰ বাবে সংগ্ৰাম কৰিব লগা উইকেটত ১২০ ৰাণৰ বিজয়লক্ষ্য আগত লৈ বেটিং কৰা ব্ৰেভছে পাৱাৰ প্লে’ত নিৰ্ভৰযোগ্য বেটাৰ ডেনিছ দাস [০] সহ তিনিটা উইকেট ৩০ ৰাণতে হেৰুৱাই চাপৰ সন্মুখিন হয়৷ কিন্তু অপোনৰ সৌৰভ দিহিঙিয়াই অনবদ্য অৰ্ধশতক অৰ্জন কৰি দলক লক্ষ্যত উপনিত কৰায়৷
সৌৰভে অপৰাজিত ৫৬ ৰাণ কৰাৰ লগতে চতুৰ্থ উইকেটত অভিলাশ মৌড়িয়াৰ লগত অপৰাজিত ৯৪ ৰাণৰ যুটি বান্ধি ১৮.৩ অভাৰত তিনি উইকেটত ১২৪ ৰাণ কৰি দলক সুন্দৰ বিজয় দিয়ে৷ অভিলাশ ৪৩ ৰাণত অপৰাজিত হৈ থাকে৷
ইয়াৰপূৰ্বে টছত জয়ী হৈ বলিং সহায়ক উইকেটত ব্ৰেভছৰ অধিনায়ক ডেনিছ দাসে লিজেণ্ডছক বেটিং কৰিবলৈ দিয়ে৷ বৰপেটাৰ বলাৰে নিয়ন্ত্ৰিত বলিং কৰি বৰাকক ২০ অভাৰত ১২০-৮ ৰাণত বান্ধি ৰাখে৷ লিজেণ্ডছৰ অপেনাৰ বিশাল সাহা [২০] আৰু অধিনায়ক শিৱ শংকৰ ৰয়সহ [১২] কোনো এজন বেটাৰে দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে৷
কিন্তু আব্দুল আজিজে ২৬ বলত চাৰিটা ছিক্সাৰসহ বিস্ফোৰক অপৰাজিত ৫০ ৰাণ কৰি বৰাকৰ দলীয় শতক পূৰ্ণ কৰে৷ ব্ৰেভছৰ হৈ ৰাজেশ প্ৰসাদে ২৬ ৰাণত তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে অৰুন সোনাৰে ১৪ ৰাণত আৰু অভিলাস মৌড়িয়াই সমসংখ্যক ৰাণ খৰছ কৰি দুটাকৈ উইকেট পায়৷
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু গুৱাহাটী ৰয়েলছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত তেজপুৰ টাইটানছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে খেলিব৷
সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক
বৰাক লিজেণ্ডছঃ ২০ অভাৰত ১২০-৮ [আব্দুল আজিজ অপঃ৫০, বিশাল সাহা ২০ ; ৰাজেশ প্ৰসাদ ২৬-৩, অৰুন সোনাৰ ১৪-২, অভিলাস মৌড়িয়া ১৪-২]৷
বৰপেটা ব্ৰেভছঃ ১৮.৩ অভাৰত ১২৪-৩ [সৌৰভ দিহিঙিয়া অপঃ৫৬, অভিলাস মৌড়িয়া অপঃ৪৩ ; ৰবি চেত্ৰী ১৬-২]৷


0 Comments