অসম প্ৰিমিয়াৰ লীগ,তৃতীয়টো দলৰূপে ছেমিফাইনেলত গুৱাহাটী ৰয়েলছ

August 18, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটী ৰয়েলছে তৃতীয়টো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ মংগলবাৰে এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৩৩ ৰাণত পৰাস্ত কৰে ইতিপূৰ্বে ছেমিফাইনেলত স্থান নিশ্চিত কৰা ডিব্ৰুগড় ৱাৰিয়ৰ্ছক৷ নিৰ্ধাৰিত অভাৰত ৰয়েলছে কৰা ১৮৪-৮ ৰাণৰ প্ৰত্যুত্তৰত ৱাৰিয়ৰ্ছে ১৫১-৯ ৰাণত ইনিংছ সামৰে৷

যোগ্যতা অৰ্জনৰ দৃষ্টিৰে গুৰুত্বপূৰ্ণ মেচখনত গুৱাহাটী ৰয়েলছে টছত হাৰি প্ৰতিকুল পৰিস্থিতিত বেটিং কৰিলেও দলক বিস্ফোৰক আৰম্ভনি দিয়ে দুই অপেনাৰ সঞ্জয় সিং আৰু ৰোহিত সেনে৷ ৮৭ ৰাণৰ যুটি হয় উভয় বেটাৰৰ মাজত৷ চাৰিটা ছিক্সাৰসহ ২৫ বলত ৪৪ ৰাণ কৰি ৰোহিত প্ৰথমে আউট হয় যদিও সঞ্জয়ে নিজৰ অৰ্ধশতক তথা দলীয় শতক পূৰ্ণ কৰে৷ পাঁচটা ছিক্সাৰসহ ৩৮ বলত ৬১ ৰাণ কৰি বিদায় লয় সঞ্জয়ে৷

ইনিংছৰ মধ্য ভাগতে দুই ৰাণৰ ভিতৰত তিনিটা উইকেট হেৰুৱাই ৰয়েলছ বিপদত পৰে৷ মধ্যক্ৰমৰ বেটাৰে দলৰ সুন্দৰ আৰম্ভনিৰ সুযোগ লোৱাত ব্যৰ্থ হয়৷ অৱশ্যে ইনিংছৰ শেষৰফালে নিপেন ডেকাই ১৪ বলত অপৰাজিত ৩০ ৰাণ কৰি দলক দৃঢ় স্থিতিত উপনিত কৰায়৷ গুঞ্জন ডেকাই ২০ ৰাণ কৰে৷ ডিব্ৰুগড়ৰ ৰোচন আলম, ৰিতুৰাজ বিশ্বাস আৰু সিদ্ধাৰ্থ বৰুৱাই দুটাকৈ উইকেট পায়৷

ইফালে, ১৮৫ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি ৱাৰিয়ৰ্ছে পাৱাৰ প্লেত দুই অপেনাৰক হেৰুৱায়৷ কাৰ্যতঃ ৰাণৰ গতিও মন্থৰ হয়৷ ডিৱিজ পাঠকে ৬৩ তথা জয় বৰুৱাই ৩০ ৰাণ কৰি তৃতীয় উইকেটত ৮০ ৰাণৰ যুটি বান্ধে যদিও উভয় বেটাৰৰ বিদায়ৰ লগে লগে ৱাৰিয়ৰ্ছৰ ইনিংছৰ পতন আৰম্ভ হয়৷ পৰবৰ্তী কোনো এজন বেটাৰে দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে৷ ৰয়েলছৰ হৈ অভিষেক কৰা মুখতাৰ হুছেইনে ২৬ ৰাণ দি তথা গুঞ্জন ডেকাই ২৫ ৰাণত তিনিটাকৈ উইকেট লাভ কৰে৷ বাস্তব ৰয়ে দুটা উইকেট দখল কৰে৷

সংক্ষিপ্ত স্ক’ৰঃ
ডিব্ৰুগড় ৱাৰিয়ৰ্ছক ৩৩ ৰাণত পৰাস্ত কৰে গুৱাহাটী ৰয়েলছে

গুৱাহাটী ৰয়েলছঃ ২০ অভাৰত ১৮৪-৮ [সঞ্জয় সিং ৬১, ৰোহিত সেন ৪৪, নিপেন ডেকা ৩০, গুঞ্জন ডেকা ২০ ; ৰোচন আলম ১৬-২, ৰিতুৰাজ বিশ্বাস ২৮-২, সিদ্ধাৰ্থ বৰুৱা ৪৫-২]৷

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ২০ অভাৰত ১৫১-৯ [ডিৱিজ পাঠক ৬৩, জয় বৰুৱা ৩০ ; মুখতাৰ হুছেইন ২৬-৩, গুঞ্জন ডেকা ২৫-৩, বাস্তৱ ৰয় ২৩-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *