অসম প্ৰিমিয়াৰ লীগঃএ পি এলত দ্ৰুত শতক ডেনিছ দাসৰ, ব্ৰেভছৰ জয়

August 19, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰপেটা ব্ৰেভছৰ অধিনায়ক তথা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সবাতোকৈ দামী ক্ৰিকেটাৰ ডেনিছ দাসে চলিত এ পি এলত দলৰ অন্তিমখন লীগ মেচত দৰ্শনীয় শতক অৰ্জন কৰি অভিলেখ গঢ়িছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত বুধবাৰে নিশা অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন মেচত ডেনিছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে বিস্ফোৰক শতকীয় ইনিংছ খেলে৷

প্ৰথমে বেটিং কৰা ব্ৰেভছৰ ইনিংছৰ পাৱাৰ প্লেৰ [৬.১] সমাপ্তিৰ পাছত প্ৰথম উইকেটৰ পতন হোৱাত বেটিং কৰিবলৈ অহা ডেনিছে ৪২ বলত ১০ টা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰীসহ ১০৫ ৰাণ কৰে৷ এয়া এ পি এলৰ দ্ৰুত শতক হোৱাৰ লগতে চৰাইদেউ ছানৰাইজাৰ্ছৰ অধিনায়ক সুমিত ঘাডিগাওকাৰৰ পাছত প্ৰতিযোগিতাত দ্বিতীয়টো শতক৷ উল্লেখ্য যে সুমিতে ইয়াৰপূৰ্বে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে ৬৪ বলত ১০৭ ৰাণ কৰিছিল৷

ডেনিছৰ শতক তথা অপেনাৰ হৃষিকেশ দাসৰ [৪০ বলত ৫৩] অৰ্ধশতকৰ সহায়ত বৰপেটাই নিৰ্ধাৰিত অভাৰত সাত উইকেট হেৰুৱাই ১৯৬ ৰাণ কৰে আৰু মেচখনত ১২ ৰাণত জয়লাভ কৰি ১৪ পইণ্টৰে তালিকাৰ দ্বিতীয় স্থানত থাকিল৷

ইফালে ছেমিফাইনেলৰ দৌৰৰ পৰা ইতিপূৰ্বে আঁতৰি অহা যোৰহাট ষ্টেলিয়নছে পৰাজয়ৰে ছিজন সামৰিলে৷ ১৯৭ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি যোৰহাট ষ্টেলিয়নছে নিৰ্ধাৰিত অভাৰত ছয় উইকেট হেৰুৱাই ১৮৪ ৰাণ কৰে৷ দলৰ হৈ অধিনায়ক স্বৰূপম পুৰকায়স্থই ৫৬, ৰেজাকুদ্দিন আহমেদে ৩৯ আৰু দ্যুতিময় নাথে ২৯ ৰাণ কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ বৃহস্পতিবাৰে অন্তিম লীগ মেচ দুখন অনুষ্ঠিত হ’ব৷ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত বৰাক লিজেণ্ডছ আৰু তেজপুৰ টাইটানছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে ১২ ৰাণত পৰাস্ত কৰে যোৰহাট ষ্টেলিয়নছক

বৰপেটা ব্ৰেভছঃ ২০ অভাৰত ১৯৬-৭ [ডেনিছ দাস ১০৫, হৃষিকেশ দাস ৫৩ ; মণ্টু যাদব ৪০-২]৷

যোৰহাট ষ্টেলিয়নছঃ ২০ অভাৰত ১৮৪-৬ [স্বৰূপম পুৰকায়স্থ ৫৬, ৰেজাকুদ্দিন আহমেদ ৩৯, দ্যুতিময় নাথ ২৯ ; বিকিৰণ দাস ২৪-২ শুভম গুপ্তা ৩৩-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *