গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত একক শাখাত ভাৰতৰ প্ৰত্যাহ্বান অন্ত পৰিছে৷ প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আয়ুষ ছেট্টী আৰু পি ভি সিন্ধু পুৰুষ আৰু মহিলাৰ এককত পৰাস্ত হোৱাৰ লগে লগে ঘৰুৱা দলৰ আশা সমাপ্ত হয়৷ অৱশ্যে ভাৰতৰ মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷
নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা হোৱা মহিলাৰ একক শাখাৰ মেচত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধুক তিনিটা ছেটৰ অন্তত চীনৰ তৃতীয় বাচনিৰ ৱাং ঝি য়িয়ে ২১-১১, ১৫-২১, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে৷ এঘণ্টা ২৮ মিনিট ধৰি চলা মেচখনত পৰাজয়ৰ লগে লগে সিন্ধুৰ অভিলেখ গঢ়াৰ ষষ্ঠটো বিশ্ব চেম্পিয়ন পদক জয়ৰ সপোন চুৰমাৰ হয়৷
ইফালে, ভাৰতৰ উদীয়মান তাৰকা আয়ুষ ছেট্টীৰ স্বপ্নৰ দৌৰো সমাপ্ত হয়৷ পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ বিৰুদ্ধে ২১-১৯, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হয় আয়ুষ৷ ৰেংকিঙৰ একাদশ স্থানৰ শ্বাটলাৰজনৰ বিৰুদ্ধে ৪৫ মিনিটৰ খেলত চাপৰ বশৱৰ্তী হৈ কেবাবাৰো ভুল কৰে ভাৰতৰ যুৱ প্ৰতিভাধৰজনে৷
ইয়াৰপূৰ্বে পুৱা হোৱা মেচত ভাৰতক আশাৰ আৰম্ভণি দিছিল মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে৷ ৰাউণ্ড অব ১৬ ৰ মেচত ভাৰতীয় যুটিটোৱে জাপানৰ সপ্তম বাচনিপ্ৰাপ্ত ৰিন আইৱানাগা আৰু কি নাকানিছিক ২১-১৬, ২১-১২ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ শুক্ৰবাৰে কোৱাৰ্টাৰ ফাইনেলত গায়ত্ৰী-তৃষা মুখামুখি হ’ব চতুৰ্থ বাচনিৰ চীনৰ যুটি জিয়া য়ি ফান আৰু ঝাং ছু শ্বিয়ানৰ৷
ইফালে, মিক্সড ডাবলছৰ ভাৰতীয় যুটি ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টোয়ো বৃহস্পতিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অভিযান সামৰে৷ চীনৰ গু জিন ৱা আৰু চেন ফাং হুইৰ বিৰুদ্ধে ২১-১৬, ২১-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হয় ধ্ৰুৱ আৰু তানিছা৷


0 Comments