গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ভাৰতৰ মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলা ডাবলছ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুক্ৰবাৰে হোৱা কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটোৱে ১৬-২১, ২১-১৫, ২১-১৩ ৰ ব্যৱধানত পৰাস্ত কৰে চতুৰ্থ বাচনিৰ চীনৰ যুটি জিয়া য়ি ফান আৰু জাং শ্বু জিয়ানক৷
উল্লেখ্য যে প্ৰতিযোগিতাখনত গায়ত্ৰী আৰু তৃষাই পদক নিশ্চিত কৰি ২০১১ চনৰ পৰা বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিটো সংস্কৰণত ভাৰতে কমেও এটাকৈ পদক লাভ কৰাৰ গৌৰৱময় ধাৰাবাহিকতাক অক্ষুন্ন ৰাখিলে৷ আনহাতে, ১৫ বছৰৰ বিৰতিৰ পাছত মহিলা ডাবলছত ভাৰতীয় শ্বাটলাৰৰ পদক অৰ্জনৰ অনন্য সফলতাকো ঘৰুৱা সমৰ্থকৰ সন্মুখত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে৷
প্ৰথমে লক্ষ্য সেন আৰু প্ৰি-কোৱাৰ্টাৰত পি ভি সিন্ধুৰ বিদায়ৰ পাছত হতাশাত থকা ভাৰতীয় সমৰ্থকক নিৰাশ নকৰি গায়ত্ৰী-তৃষাই আজি দুৰন্ত প্ৰত্যাৱৰ্তন কৰে৷ চতুৰ্থ বাচনিৰ চীনৰ যুটি জিয়া য়ি ফান আৰু জাং শ্বু জিয়ান স্বাভাৱিকতে গায়ত্ৰী-তৃষাৰ বাবে বৃহৎ প্ৰত্যাহ্বান আছিল৷ বিপক্ষৰ শক্তি তথা সমৰ্থকৰ আশাৰ ভাড়ে চাপৰ আবৰ্তত ৰখা ভাৰতীয় যুটিটোৱে প্ৰথমটো ছেটত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ পাছতো অভিজ্ঞতাৰে চীনৰ যুটিটোৱে ২১-১৬ ত জয়ী হৈ মেচত অগ্ৰগতি লয়৷ উল্লেখ্য যে ০-৬ আৰু ২-৮ ত পিছ পৰি খেল আৰম্ভ কৰিছিল গায়ত্ৰী-তৃষাই৷
কিন্তু প্ৰাৰম্ভিক ব্যৰ্থতাই গায়ত্ৰী-তৃষাক লক্ষ্যত উপনিত হোৱাত কোনো বাধাৰ সৃষ্টি নকৰিলে৷ বাচনি বিহীন হোৱাৰ পাছতো প্ৰি-কোৱাৰ্টাৰত ভাৰতীয় যুটিটোৱে জাপানৰ সপ্তম বাচনিৰ ৰিন আইৱানাগা আৰু কি নাকানিছিক কালি পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত অধিক আত্মবিশ্বাসী হৈ ক’ৰ্টত নামিছিল৷ দ্বিতীয় ছেটটোত লাইনত দক্ষতাৰে খেলি গায়ত্ৰী-তৃষাই ২১-১৫ ত জয়ী হৈ মেচত সমতা স্থাপন কৰে৷ এটা সময়ত ভাৰতৰ দুই কন্যা ৭-১০ ত পিছুৱাই আছিল যদিও গতি সলনি কৰি অনন্য প্ৰত্যাৱৰ্তন কৰে৷
তৃতীয় তথা নিৰ্ণায়ক ছেটটোত চীনৰ উভয় শ্বাটলাৰ চাপৰ সন্মুখিন হয় আৰু দুই-তিনিবাৰ ভুল কৰে৷ আত্মবিশ্বাস তুংগত থকা গায়ত্ৰী-তৃষাই ২১-১৩ ৰ ব্যৱধানত ছেট দখল কৰি ইতিহাসৰ পুনৰাবৃত্তিৰে বিশ্ব বেডমিণ্টনত ভাৰতীয় মহিলা যুটিৰ দ্বিতীয় লগতে নিজৰ প্ৰথম পদক নিশ্চিত কৰে৷ উল্লেখ্য যে গায়ত্ৰী-তৃষাৰ পূৰ্বে ২০১১ চনত লণ্ডনত ভাৰতীয় মহিলা ডাবলছ যুটি জ্বালা গুট্টা আৰু অশ্বিনী পন্নাপ্পাই বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিছিল৷ শনিবাৰে ছেমিফাইনেলত তৃষা-গায়ত্ৰীয়ে শীৰ্ষ বাচনিৰ লিউ শ্বেং ছু আৰু টান নিঙৰ বিৰুদ্ধে খেলিব৷
ইফালে, পুৰুষৰ ডাবলছত শুক্ৰবাৰে হোৱা কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ সাতৱিকচৈৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টী চীনৰ তৃতীয় বাচনিৰ যুটি ৱাং চেং আৰু লিয়াং ৱেই কেঙৰ বিৰুদ্ধে ২১-১৮, ২১-৯ ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়৷


0 Comments