গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীত "এ পি আৰ অ' -গ্ৰাছৰুট ফুটবল লীগ"।৩০ টা ফুটবল দলৰ অংশগ্ৰহণ।
প্ৰায় ২০০ গৰাকী উদিয়মান ফুটবলাৰৰ সমাবেশ।জীপাল "অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়"ৰ খেলপথাৰ।
শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ জালুকবাৰীস্থিত অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছ "এ পি আৰ' অ'-(জি এফ চি চি) গ্ৰাছৰুটছ ফুটবল লীগ-২০২৬"।"এ পি আৰ অ' -গ্ৰাছৰুট ফুটবল ক'চিং চেন্টাৰ"ৰ উদ্যোগত অনুষ্ঠিত তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ ৩০ টা ফুটবল দলে।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ক্লাবসমূহৰ ভিতৰত অন্যতম-মনোময় স্পৰ্টছ ক্লাব,আই.আই. টি.জি. ক্লাব, গুৱাহাটী ইউনাইট্ড ক্লাব,নৰ্থ ইষ্ট ইলাইট চ'চাৰ স্কুল,ৱাৰিয়ৰ্ছ এফ চি, ব্লু' ফৰ্ছ, বশিষ্ট এফ.চি.চি, গৰচুক এফ চি, ইউ কে এছ , এ পি আৰ অ' -জি এফ চি চি, দৰং এফ চি চি আৰু আজাৰা বি. ৰূপালিন ক্লাব।প্ৰতিযোগিতাখনত ৭ অনুৰ্ধ ,৯ অনুৰ্ধ ,১১ অনুৰ্ধ আৰু ১৩ অনুৰ্ধ শাখাত প্ৰায় ২০০ গৰাকী উদিয়মান খেলুৱৈ-এ দাঙি ধৰিছে দুভৰিৰ যাদু।
১১ অনুৰ্ধ আৰু ১৩ অনুৰ্ধ শাখাৰ মেচ ছেভেন এ চাইডত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৭ অনুৰ্ধ আৰু ৯ অনুৰ্ধ শাখাৰ মেচ অনুষ্ঠিত হৈছে ফাইভ এ চাইডত।উদিয়মান খেলুৱৈসকলক প্ৰতিযোগিতাৰ এখন মঞ্চ প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে "এ পি আৰ অ'-গ্ৰাচৰুট ফুটবল ক'চিং চেন্টাৰে"।এই সন্দৰ্ভত জনালে চেন্টাৰটোৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ফুটবলাৰ লোচন শইকীয়াই।
শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ফুটবলাৰ তথা অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সঞ্জীৱা ৰংপি, অসম দলৰ প্ৰাক্তন ফুটবলাৰ তথা "চি" লাইচেন্স প্ৰাপ্ত প্ৰশিক্ষক খগেন শইকীয়া, সন্তোষ ট্ৰফীৰ অসম দলৰ খেলুৱৈ নবীন ৰাভা।
বিশিষ্ট অতিথি সকলে কণ-কণ খেলুৱৈক উদ্দেশ্যি শুভেচ্চামূলক ভাষণ আগবঢ়ৱাৰ লগতে কৰমৰ্দন কৰি কৰিলে উৎসাহিত।
"এ পি আৰ অ' -গ্ৰাছৰুট ফুটবল ক'চিং চেন্টাৰ"ৰ প্ৰচেষ্টাক শলাগিলে দুই প্ৰাক্তন ফুটবলাৰে।
উল্লেখ্য যে ,প্ৰতিভা সম্পন্ন ফুটবলাৰ সৃষ্টিৰ উদ্দেশ্য সৰোগত কৰি ২০১৪ চনত গঢ়ি তোলা হৈছিল "এ পি আৰ অ'- গ্ৰাোচৰুট ফুটবল ক'চিং চেন্টাৰ"ৰ ।চেন্টাৰৰ "প্ৰতিষ্ঠা দিৱস"ৰ প্ৰাকমুহুৰ্তত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতা।
আগলৈ এই ক'চিং চেন্টাৰৰ উদ্যোগত এই প্ৰতিযোগিতা অব্যাহত থাকিব বুলি জনালে প্ৰশিক্ষক লোচন শইকীয়াই।
ইফালে ,এই প্ৰতিযোগিতাখন আয়োজন কৰাত বিশেষভাৱে সহযোগিতা কৰিছে "এ পি আৰ অ'-ৰ যোগযোগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চিত্তৰঞ্জন ওজাই ।"এ পি আৰ অ' -গ্ৰাছৰুট ফুটবল ক'চিং চেন্টাৰ"ৰ এগৰাকী শুভাকাংশী হিচাপে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভকামনা জনাইছে চিত্তৰঞ্জন ওজাই।
ক্ৰীড়া অনুৰাগীৰ আশা-- সাফল্যমণ্ডিত হওক "এ পি আৰ অ' -গ্ৰাছৰুট ফুটবল লীগ"।
এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ফুটবলৰ ক্ৰীড়াঙ্গনত দোপদদোপে আগুৱাই যাওক উদিত


0 Comments