অসম প্ৰিমিয়াৰ লীগ,গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি চেম্পিয়ন বৰপেটা ব্ৰেভছ

August 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰপেটা ব্ৰেভছে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত দেওবাৰে নিশা অনুষ্ঠিত ফাইনেলত দলে পাঁচ উইকেটত পৰাস্ত কৰে গুৱাহাটী ৰয়েলছক৷ ১৬৬ ৰাণৰ বিজয়লক্ষ্য ব্ৰেভছে ১৮.৫ অভাৰত পাঁচ উইকেট হেৰুৱাই পূৰ্ণ কৰে৷ উল্লেখ্য যে চেম্পিয়ন ব্ৰেভছে ৫০ লাখ টকা প্ৰাইজমানিসহ এ পি এলৰ সুদৃশ্য ট্ৰফী লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছআপ ৰয়েলছক ২৫ লাখ টকা দিয়া হয়৷

লীগৰ অভিলেখ ২৩,০৭৫ হেজাৰ দৰ্শক উপস্থিত থকা মেচখনত টছত জয়ী হৈ ব্ৰেভছৰ অধিনায়ক কুনাল শৰ্মাই ৰয়েলছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই আৰু গুৱাহাটীৰ দলটোৰ অপেনাৰ ৰোহিত সেনে শুভম গুপ্তাৰ প্ৰথমটো বলতে ছিক্সাৰ মাৰি ইনিংছৰ পাতনি মেলে৷ ১১ ৰাণ খৰছ কৰা স্পীনাৰ শুভমৰ পৰিবৰ্তে অধিনায়ক কুনালে ৰাজেশ প্ৰসাদ আৰু অৰুন সোনাৰক পাৱাৰ প্লেত বলিং আক্ৰমণত নিয়োজিত কৰে৷ কিন্তু ৰোহিতৰ বেটিং বিক্ৰমৰ সন্মুখত উভয়ে বিধ্বস্ত হয়৷ নিজৰ অভাৰত ৰাজেশে ১৮ তথা অৰুনে ২৩ ৰাণ খৰছ কৰে যত আছিল তিনিটা ছিক্সাৰ৷ এই অভাৰটোতে সেনে ১৮ বলত অৰ্ধশতক পূৰ্ণ কৰে৷

পাৱাৰ প্লেৰ অন্তিম তথা দ্বীপজ্যোতি শইকীয়াৰ দ্বিতীয় অভাৰটোত ৰোহিতে পুনৰ নিৰ্দয় প্ৰহাৰ কৰি দলীয় ৰাণ সংখ্যা ৮৩ কৰে৷ পাৱাৰ প্লেত ব্ৰেভছৰ সফল বলাৰ আছিল চাৰি ৰাণ দিয়া প্ৰাঞ্জল পল৷ কিন্তু ফিল্ডিঙৰ বান্ধোন সমাপ্ত হোৱাৰ পাছত বলিং কৰিবলৈ অহা শুভমে প্ৰথম বলতে উইকেট লাভ কৰি ব্ৰেভছৰ শিবিৰলৈ উৎসাহ ঘুৰাই আনে৷ ইয়াৰ পাছত প্ৰাঞ্জলৰ লগতে বিকিৰণ দাসেও নিয়ন্ত্ৰিত বলিং কৰি ৰয়েলছৰ ৰাণৰ গতিত ব্ৰেক লগাই দিয়ে৷

প্ৰাঞ্জলে ইনিংছৰ ১১ নম্বৰ অভাৰটোত ৰোহিতক কুনালৰ হাতত কেটছ কৰাই আউট কৰাৰ পাছতেই ৰয়েলছৰ ইনিংছ স্তিমিত হ’বলৈ ধৰে৷ বিস্ফোৰক উইকেটৰক্ষক বেটাৰজনে ৩৭ বল খেলি ছটা ছিক্সাৰ আৰু দহটা বাউণ্ডেৰীসহ ৯০ ৰাণ কৰাৰ লগতে ৫৪৩ ৰাণেৰে কমলা টুপীও নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয়৷ ইফালে, উইকেটৰ এটা ফালে অধিনায়ক ঋষভ দাসে [৩৪] বেটিং কৰি থকাৰ বিপৰীতে আনটো ফালে ধাৰাবাহিকৰূপত ৰয়েলছৰ বেটাৰ পেভিলিয়নমুখী হয়৷ ১১১ ৰাণত এটা উইকেট হেৰুওৱা ৰয়েলছৰ ইনিংছ ১৯.৪ অভাৰত ১৬৫ ৰাণত সমাপ্ত হয়৷ ব্ৰেভছৰ শুভম, প্ৰাঞ্জল আৰু দ্বীপজ্যোতিয়ে দুটা উইকেট পায়৷

ইফালে, ১৬৬ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি বেটিং কৰা ব্ৰেভছক উভয় অপেনাৰে সন্দুৰ আৰম্ভনি দিয়ে৷ সৌৰভ দিহিঙিয়াই ১৬ বলত ৩৩ ৰাণ আৰু হৃষিকেশ দাসে ৩৫ ৰাণ কৰি দৃঢ়তাৰে ইনিংছ আগুৱাই নিছিল৷ কিন্তু ড্ৰিংছ বিৰতিৰ পাছতে দলীয় শতকৰ পূৰ্বে তাৎক্ষনিক দুটা উইকেট হেৰুৱাই ব্ৰেভছ [৯৯-৪] চাপ সন্মুখিন হৈছিল৷ দীপক গোঁহাই, নিপেন ডেকা আৰু বাস্তৱ ৰয়ে উইকেট দখল কৰি ৰয়েলছক মেচলৈ ঘুৰাই আনিছিল৷

কিন্তু কঠিন পৰিস্থিতিত বেটিং কৰিবলৈ অহা দুই নতুন বেটাৰ অৰুন সোনাৰ আৰু অভিলাশ মৌড়িয়াই ৫৯ ৰাণৰ গুৰুত্বপূৰ্ণ যুটি বান্ধি ব্ৰেভছক চেম্পিয়ন কৰায়৷ অভিলাশ ২৪ ৰাণত আউট হয় যদিও মেচৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা অৰুনে ২০ বলত ৩৪ ৰাণ কৰি অপৰাজিত থাকে৷ ৰয়েলছৰ হৈ মুখতাৰে দুটা উইকেট লাভ কৰাৰ বিপৰীতে দীপক, নিপেন আৰু বাস্তৱে এটাকৈ উইকেট পায়৷ যুৱ পেচাৰ বাস্তৱে লীগত ২৩ টা উইকেট লাভ কৰি বেগুনীয়া টুপী লাভ কৰে৷ তেওঁ লীগৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপেও নিৰ্বাচিত হয়৷ ৰয়েলছৰ ৰোহিতে উদীয়মান খেলুৱৈৰ সন্মান অৰ্জন কৰে৷ নগাঁও দলৰ আলতাফ আলমে শ্ৰেষ্ঠ কেটছ আয়ত্বৰ বঁটা পায়।

সংক্ষিপ্ত স্ক’ৰঃ
গুৱাহাটী ৰয়েলছক পাঁচ উইকেটত পৰাস্ত কৰে বৰপেটা ব্ৰেভছে

গুৱাহাটী ৰয়েলছঃ১৯.৪ অভাৰত ১৬৫-১০ [ৰোহিত ৯০, ঋষভ অপঃ ৩৪ ; প্ৰাঞ্জল ১৮-২, শুভম ৩৬-২, দ্বীপজ্যোতি ৩৬-২]৷

বৰপেটা ব্ৰেভছঃ১৮.৫ অভাৰত ১৬৬-৫ [সৌৰভ ৩৩, হৃষিকেশ ৩৫, অৰুন ৩৫, অভিলাশ ২৪ ; মুখতাৰ হুছেইন ১৭-২]৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *