গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
পূৰ্ণগতিত "ইউ টি টি-সদৌ অসম ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ"।৫০০ গৰাকী খেলুৱৈৰ সমাবেশ।
ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ প্ৰতিযোগিতা উদ্বোধন।
শনিবাৰৰ পৰা দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ ভোগেশ্বৰী ফুকণণী ইনডৰ ষ্টেডিয়ামত সগৌৰৱেৰে অব্যাহত আছে " ইউ টি টি-সদৌ অসম ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতা" ।অসম টেবুল টেনিছ সন্থাৰ তত্বাবধানত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে প্ৰায় ৫০০ গৰাকী খেলুৱৈ-এ।চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন শনিবাৰে শুভউদ্বোধন কৰিলে ৰাজ্যৰ ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ।উদ্বোধনীৰ দিনটোতখেলুৱৈসকলক প্ৰতিযোগিতাৰ বাবে শুভকামনা জনোৱাৰ লগতে হাতত ৰেকেট লৈ টেবুল টেনিছ খেলৰ মাদকতা ল'লে ক্ৰীড়ামন্ত্রী গৰাকী-এ।কণ কণ টেবুল টেনিছ খেলুৱৈৰ ক্ৰীড়া প্ৰদৰ্শন প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল ক্ৰীড়ামন্ত্রী ।
এই অনুষ্ঠানতেই গুৱাহাটীৰ খেলুৱৈৰ বাবে খেলপথাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত ক্ৰীড়ামন্ত্রী গৰাকী-এ এক আহ্বান জনালে গুৱাহাটী ক্ৰীড়া সন্থাক।খেলপথাৰ চৰকাৰক দৃষ্টিগোচৰ কৰি দিলে বিভিন্ন ক্ৰীড়া অনুশীলনৰ সুবিধাৰ্থে সেই খেলপথাৰ অনুশীলনৰ বাবে উপযোগী কৰি তুলিব চৰকাৰে ।
ইফালে,প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় দুগৰাকী টেবুল টেনিছ খেলুৱৈ ক্ৰমে প্ৰিয়ানুজ ভট্টাচাৰ্য, ঈশানী গগৈক ক্ৰীড়ামন্ত্রীৰ হাতেৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে আয়োজকে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনত সুন্দৰ প্ৰদৰ্শনেৰে বৰ্তমান অসমৰ কেইবাগৰাকীও খেলুৱৈ ভাৰতৰ শীৰ্ষতম খেলুৱৈ ৰূপে পৰিগণিত হৈছে।অসমৰ টেবুল টেনিছ ক্ষেত্রৰ পূবৰ সোণালী যুগৰ প্ৰত্যাৱৰ্তন ঘটিছে বুলি মন্তব্য কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ টেবুল টেনিছ সম্পাদক গীতাৰ্থ দাসে।
উল্লেখ্য যে, প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উপৰি উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস,অসম টেবুল টেনিছ সন্থাৰ কোষাধ্যক্ষ ৰাজীৱ শৰ্মা,অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাকে আদি কৰি গুৱাহাটী ক্ৰীড়া সন্থাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।ক্ৰীড়া অনুৰাগীৰ আশা -সাফল্যমণ্ডিত হওক "ইউ টি টি-সদৌ অসম ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ"।
এনে প্ৰতিযোগিতাত ৰেংকিং লাভেৰে ৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনলৈ অগ্ৰসৰ হওঁক অসমৰ উদিত খেলুৱৈ।


0 Comments