ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা

September 2, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অহা ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া খেলৰ টিকট বিক্ৰী অহা ৪ ছেপ্টেম্বৰৰ ( ২০২৬ ) পুৱা ১১:০০ বজাত আৰম্ভ হ’ব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে ।

বুকমাইশ্ব' (বিএমএছ)ৰ জৰিয়তে একচেটিয়াভাৱে টিকট উপলব্ধ হ'ব । সফল বুকিঙৰ পিছত দৰ্শকে এম-টিকট লাভ কৰিব আৰু তেনেদৰেই ষ্টেডিয়ামত সুচল আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ প্ৰক্ৰিয়া নিশ্চিত হ’ব । সমগ্ৰ অসম আৰু ইয়াৰ বাহিৰৰ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহজনক অংশগ্ৰহণৰ বাবে টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে - ছাত্ৰ-ছাত্ৰীৰ বাবেঃ ৫০০ টকা আৰু অন্য ষ্টেণ্ডৰ বাবেঃ১৫০০ টকা আৰু ততোধিক মূল্য । ক্ৰিকেট অনুৰাগীসকলে বুকমাইশ্ব’ৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব আৰু এচিএ ষ্টেডিয়ামত আন এক স্মৰণীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠানত ভাগ লব পাৰিব ।

টিম ইণ্ডিয়াৰ এই প্ৰত্যাৱৰ্তনে গুৱাহাটীলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আন এক ৰোমাঞ্চকৰ দিন কঢ়িয়াই আনিব । এক উজ্জ্বল পৰিৱেশ সৃষ্টি কৰিবলৈ এচিএ ষ্টেডিয়ামো ক্ৰমশঃ সাজু হৈছে ।অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *