গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীৰ জ'জ ফিল্ডত অনুষ্ঠিত হোৱা ফাইনেলত মৰিগাঁৱক ৬ উইকেটত হৰুৱাই "জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট"ৰ প্লেট গ্ৰুপৰ প্ৰতিযোগিতাত গোৱালপাৰা চেম্পিয়ন হৈছে ।
টছত জয়ী হৈ মৰিগাঁৱে প্ৰথমে বেটিং লৈ ৫০ অভাৰত ৮-১৪১ ৰাণ স্কৰ কৰে। ৰজনী কিলিঙে ১৪০টা বলত আৰু আৰিয়ান নাছিফ হুছেইনেও ১১১টা বলত ৫৫ ৰাণকৈ সংগ্ৰহ কৰে । গোৱালপাৰাৰ হৈ ভীম চেত্ৰীয়ে ৩৪ ৰাণত সৰ্বাধিক চাৰিটাৰ বিপৰীতে বিনয় কৃষ্ণ দেৱনাথে ৩১ ৰাণ ব্যয়েৰে দুটা উইকেট লাভ কৰে ।
প্ৰত্যুত্তৰত,
গোৱালপাৰাই মাত্ৰ ২৮.৫ অভাৰতে চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় । সন্তুোষ দত্তই ৪৫ বলত ৩৬ ৰাণ স্কৰ কৰাৰ বিপৰীতে বিনয় কৃষ্ণ দেৱনাথে ৩৪ বলত ৩৫ ৰাণ আৰু ৰেহান ইছলামে ২৭ বলত ১৬ ৰাণ সংগ্ৰহ কৰে । মৰিগাঁৱৰ হৈ ৰেকিবুদ্দিন আলী, প্ৰাণকৃষ্ণ কাকতি, ৰজজনী কিলিং আৰু আৰিয়ান নাচিফ হুছেইনে এটাকৈ উইকেট দখল কৰে ।
ব্যক্তিগত বঁটা বিজয়ীসকল --
ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ: ভীম চেত্ৰী ( গোৱালপাৰা, — ১০ অভাৰত ৪ টা উইকেট ), শ্ৰেষ্ঠ বেটাৰ : অনিকেট বাছফৰ ( শিলচৰ, — ৪টা ইনিংছত ১৭১ ৰান ), শ্ৰেষ্ঠ বলাৰ : ভীম চেত্ৰী, ( গোৱালপাৰা ,—৫টা ইনিংছত ১৮টা উইকেট ) আৰু প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ : আৰিয়ান নাছিফ হুছেইন (মৰিগাঁও, ১২৬ ৰাণ আৰু ১৪ টা উইকেট ) ।
সংক্ষিপ্ত স্ক'ৰ : মৰিগাঁও ৫০ অভাৰত ৮-১৪১ ( ৰজনী কিলিং ১৪০ বলত ৫৫, আৰিয়ান নাচিফ হুছেইন ১১১ বলত ৫৫; ভীম চেত্ৰী ৪/৩৪, বিনয় কৃষ্ণ দেবনাথ ২/৩১ ) ।
গোৱালপাৰা ২৮.৫ অভাৰত ৪-১৪২ ৰাণ ( ৪৫ বলত সন্তুোষ দত্ত ৩৬, বিনয় কৃষ্ণ দেৱনাথ ৩৪ বলত ৩৫, ৰেহান ইছলাম ২৭ বলত ১৬; ৰেকিবুদ্দিন আলী ১-১৮, প্ৰাণকৃষ্ণ কাকতি ১-১৩, ৰজনী কিলিং ১-৩৪, আৰিয়ান নাচিফ হুছেইন ১-৪৯) ।
অসম ক্ৰিকেট সন্থাই গোৱালপাৰাক "প্লেট গ্ৰুপ"ৰ জয়ৰ বাবে অভিনন্দন জনোৱাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনতে দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ লগতে মৰিগাঁও দলকো ভূয়সী প্ৰশংসা কৰে । পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এচিএ এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য, জিএছএৰ সভাপতি পৰেশ চন্দ্ৰ দাসকে ধৰি অন্যান্য কৰ্মকৰ্তাও উপস্থিত থাকে ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments