গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
আগন্তুক ঘৰুৱা ছিজনৰ পূৰ্বে যুৱ ক্ৰিকেট খেলুৱৈসকলক মানসম্পন্ন মেচ এক্সপ’জাৰ আৰু প্ৰতিযোগিতামূলক প্ৰস্তুতি প্ৰদানৰ পদক্ষেপৰ অংশ হিচাপে অসম ক্ৰিকেট সন্থাই অহা ১৮ ছেপ্টেম্বৰত ১৬ বছৰ অনুৰ্ধ ল’ৰা দলটোক বৰোদালৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ১৬ বছৰ অনুৰ্ধৰ দলটোৱে ২০ ছেপ্টেম্বৰৰ পৰা ১০ অক্টোবৰলৈ হ’বলগীয়া "জে. ৱাই. লেলে সোঁৱৰণী আমন্ত্ৰণমূলক দুদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা"ত অংশগ্ৰহণ কৰিব । অসমৰ বিৰুদ্ধে খেলিব বিচিএ এ, বিদৰ্ভ, গোৱা আৰু ছত্তীশগড় ।
অসমৰ খেলৰ সূচী
২০-২১ ছেপ্টেম্বৰত:অসম বনাম বিচিএ এ,
২৩-২৪ ছেপ্টেম্বৰত : অসম বনাম বিদৰ্ভ,
২৬-২৭ ছেপ্টেম্বৰত : অসম বনাম গোৱা ,
২৯-৩০ ছেপ্টেম্বৰত অসম বনাম ছত্তীশগড় ।
ৰেয়ান নন্দীৰ নেতৃত্বত অসম দলটোৰ আন খেলুৱৈসকল হল -- স্বৰ্ণৱ শ্ৰীহিত গুৰু দাস, প্ৰনীত পাগৰিয়া, সমীৰ মাহাতো, দিগ্বিজয় এন চেত্ৰী, মজিদুল ইছলাম, অৰ্জুন ৰাধা বৰা, ধৃতিমান কুমাৰ, অনুৰাগ বাস্তিয়া, নীলাভ্ৰ নিবিৰ মেধি, পাৰ্থ প্ৰতিম কাশ্যপ, চোহান বিশ্বাস, ৰেজাউল কৰিম বৰভূঞা ( উইকেটকীপাৰ ), ধনজিত বৰ্মন ( উইকেটকীপাৰ ), কুনাল উপাধ্যায়, মাইনা কলিতা, মনীষ উপাধ্যায় আৰু বৈদুৰ্য বৰুৱা ।
সহায়ক ষ্টাফ :
মুখ্য প্ৰশিক্ষক : দিপাংকৰ বেনাৰ্জী,
সহকাৰী প্ৰশিক্ষক : কুনাল শইকীয়া,
সহকাৰী প্ৰশিক্ষক অনুপ দাস,
ট্ৰেইনাৰ : নৱজিৎ কৌশিক আৰু
ফিজিঅ’: পাৰ্থ সাৰথি বৰকটকী ।
এচিএৰ সম্পাদক সনাতন দাসে কয় যে এই ভ্ৰমণে খেলুৱৈসকলক ঘৰুৱা ছিজনলৈ প্ৰস্তুতিৰ পথত শক্তিশালী দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ মূল্যৱান অভিজ্ঞতা প্ৰদান কৰিব । অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments