শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন,অসমৰ ল’ৰা-ছোৱালীৰ দল ৰাওনা

September 14, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অহা ১৬-১৯ ছেপ্টেম্বৰলৈ মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হ’ব "উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬"৷ প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে অসমৰ ল’ৰা-ছোৱালীৰ দল দুটা সোমবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ উল্লেখ্য যে এইবাৰৰ উত্তৰ-পূৱ বেডমিণ্টন পৰবৰ্তী মেঘালয়ত হ’বলগা "ৰাষ্ট্ৰীয় ক্ৰীড়া"ৰ দৃষ্টিকোণেৰে অতি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰূপে বিবেচিত হৈছে৷

এই প্ৰতিযোগিতাৰ ল’ৰা-ছোৱালীৰ চেম্পিয়ন দল দুটাই ২০২৭ ৰ "ৰাষ্ট্ৰীয় ক্ৰীড়া"ৰ দলীয় শাখাত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ ভাৰতীয় বেডমিণ্টন সন্থাৰ নিয়ম অনুসৰি "ৰাষ্ট্ৰীয় ক্ৰীড়া"ৰ দলীয় শাখাত আয়োজক ৰাজ্যৰ লগতে মাণ্ডলিক চেম্পিয়ন দলে খেলাৰ সুযোগ লাভ কৰে৷ অসমে গোৱা আৰু উত্তৰাখণ্ড ক্ৰমাগত দুখন ৰাষ্ট্ৰীয় ক্ৰীড়াত মাণ্ডলিক চেম্পিয়ন হৈ অংশ লোৱাৰ লগতে দলীয় শাখাত পদকো অৰ্জন কৰিছিল৷

অসম বেডমিণ্টন সন্থাই ঘোষণা কৰা দলৰ খেলুৱৈসকল হ’লঃবৰ্ণিল আকাশ চাংমাই, আনায়ন বৰা, প্ৰাংগন চৌধুৰী, অৰ্ণৱ প্ৰতীম বৰগোহাঁই, চিৰশ্যামল বৰুৱা, ৰাজদ্বীপ বৰা, মনাৰ্ক বৰগোহাঁই, অৰিজিত চলিহা, তন্ময় বিকাশ বৰুৱা, শুভংকৰ দত্ত, হিমানীশ শেখৰ দাস, আয়ান ৰছিদ, অনিমেষ গগৈ, সুৰজ গোৱালা, নিবিৰ ৰঞ্জন চৌধুৰী আৰু স্বৰ্ণৰাজ বৰা৷

মহিলা দলৰ খেলুৱৈসকল হ’লঃ
অস্মিতা চলিহা, গাৰ্গী শইকীয়া, ভৱিষ্যা চাংমাই, নৈমিখা শইকীয়া, অভিকা বৰগোহাঁই, বেদাগ্নি গগৈ, তৰালী বৰা, আশাদিতা বৰুৱা, ময়ুৰী বৰ্মন, সুশিস্মিতা চক্ৰৱৰ্তী, দিশা শৰ্মা, মানালী বৰা আৰু অনুশ্ৰী মহন্ত৷

৩০ জনীয়া দলটোৰ প্ৰশিক্ষক - বহ্নিমান বৰা, সুৰঞ্জন ভোবোৰা, অভিজিৎ দত্ত, নিতিশ বৰা, কাশ্যপ নেওগ আৰু অভিজিৎ গগৈ৷ ফিজিঅ’ গংগোত্ৰী দত্ত৷ আনহাতে, মেনেজাৰ - এল হেমন্ত সিং, জয়ন্ত কুমাৰ ঠাকুৰীয়া আৰু ময়ূৰ বৰা৷

ৰাজ্যিক দলটোক শুভেচ্ছা জনাই অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে কয় -"আমাৰ লক্ষ্য ল’ৰা-ছোৱালী দুয়োটা দলকে পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰোৱা৷ গোৱাত অসমৰ ছোৱালী দলে সোণ তথা ল’ৰাৰ দলে ব্ৰঞ্জ লাভ কৰিছিল৷ আনহাতে, উত্তৰাখণ্ডত ছোৱালীয়ে ব্ৰঞ্জ অৰ্জন কৰিছিল যদিও ল’ৰাৰ দলে উত্তৰ-পূৱ মণ্ডলিক প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপ হোৱা বাবে অংশ ল’ব নোৱাৰিলে৷ ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া যিহেতু মেঘালয়ত হ’ব আমি এই প্ৰতিযোগিতাক অতি গুৰুত্ব সহকাৰে লৈছো৷"

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *