শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন আৰম্ভ,দলীয় শাখাৰ ফাইনেলত অসমৰ ল’ৰা-ছোৱালী

September 16, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈৰ অংশগ্ৰহণৰে বুধবাৰৰ পৰা মেঘালয়ৰ শ্বিলঙত আৰম্ভ হৈছে "য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬" ৷ জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ ল’ৰা-ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে পুৰুষ আৰু মহিলা দলেও ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰি পদক জয় নিশ্চিত কৰিছে৷

ছোৱালীৰ দলীয় ছেমিফাইনেলত অসমে হেলাৰঙে ২-০ ৰ ব্যৱধানত পৰাস্ত কৰে অৰুণাচলক৷ ৱেষ্ট অব থ্ৰী [দুখন একক, এখন ডাবলচ] ৰ প্ৰথম দুখন মেচতে অসমে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে, ল’ৰাৰ দলীয় শাখাৰ ছেমিফাইনেলত অসম মিজোৰামৰ মুখামুখি হয়৷ এককৰ প্ৰথম মেচত অসম জয়ী হৈ ১-০ ৰ অগ্ৰগতি লয় যদিও ডাবলচত পৰাস্ত হয়৷ কিন্তু নিৰ্ণায়ক দ্বিতীয়খন এককৰ মেচত অসমে জয়লাভ কৰি ২-১ ৰ ব্যৱধানৰে ফাইনেলত প্ৰৱেশ কৰে৷

নিশালৈ হ’বলগা পুৰুষৰ ছেমিফাইনেলত অসমে মিজোৰামৰ বিৰুদ্ধে খেলাৰ বিপৰীতে মহিলাৰ দলীয় ছেমিফাইনেলত অসম অৰুণাচলৰ মুখামুখি হ’ব৷ দলীয় শাখাৰ চাৰিওখন ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷

ইয়াৰপূৰ্বে পুৱাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত চাৰিওটা দলীয় শাখাতে অংশগ্ৰহণকাৰী আঠ ৰাজ্যৰ পুৰুষ-মহিলা তথা ল’ৰা-ছোৱালীৰ দলে নকআউট মেচত অংশ লয় আৰু প্ৰতিটো শাখাৰে বিজয়ী চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে৷ প্ৰাৰম্ভিক মেচত অসমৰ পুৰুষ দলে ছিকিমক ৩-০ ত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে ৩-০ ত হৰুৱাই ত্ৰিপুৰাক৷ আনহাতে, অসমৰ ল’ৰাৰ দলে ২-০ ত ত্ৰিপুৰাক পৰাস্ত কৰাৰ পাছত ছোৱালী দলে ২-০ ত ছিকিমক পৰাস্ত কৰে৷

অহা ১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত দলীয় শাখাৰ পাছত পুৰুষ-মহিলা তথা ল’ৰা-ছোৱালীৰ একক, ডাবলচ, মিক্সড শাখাৰ খেল অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাৰ পুৰুষ-মহিলাৰ চেম্পিয়ন দল দুটাই ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দলীয় শাখাত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰি খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *