উত্তৰ-পূৱ বেডমিণ্টনত অসমৰ নটা স্বৰ্ণ পদকঃঅসমৰ হিমানীশ-অভিকাৰ দখলত পুৰুষ-মহিলাৰ খিতাপ,জুনিয়ৰ ল’ৰা-ছোৱালীৰ সোণ অৰ্জন অসমৰে প্ৰাংগন-গাৰ্গীৰ

September 19, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ হিমানীশ শেখৰ দাস আৰু অভিকা বৰগোহাঁয়ে "য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬" ৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷ আনহাতে, শনিবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনৰ ১৯ বছৰ অনুৰ্ধৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ সোণৰ পদকো অসমৰে প্ৰাংগন চৌধুৰী আৰু গাৰ্গী শইকীয়াই অৰ্জন কৰিবলৈ সক্ষম হয়৷

শ্বিলঙৰ জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দলীয় শাখাত চাৰিটা সোণ জয়ৰে ইতিহাস গঢ়া অসমৰ শ্বাটলাৰে শনিবাৰে অন্তিম দিনা একক শাখাৰো চাৰিওটা সোণ অৰ্জন কৰাৰ লগতে পুৰুষ ডাবলচত অসমৰ তন্ময় বিকাশ বৰুৱা আৰু নিবিৰ ৰঞ্জন চৌধুৰী যুটিয়ে ৰাজ্যৰ হৈ ৯ নম্বৰ সোণটো লাভ কৰে৷

পুৰুষৰ এককৰ ফাইনেলত হিমানীশে ৰাজ্যৰে অৰিজিত চলিহাক ১৫-১৭, ১৫-৯, ১৫-১২ ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলাৰ ফাইনেলত অভিকাই ১৫-১১, ৯-১৫, ১৫-১২ ৰ ব্যৱধানত পৰাস্ত কৰে মিজোৰামৰ শীৰ্ষ বাচনিৰ লালৰিনকিলিক৷ ইফালে, জুনিয়ৰ ল’ৰাৰ খিতাপৰ যুঁজত প্ৰাংগনে ১৫-৯, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত কৰে সতীৰ্থ অৰ্ণৱ প্ৰতীম বৰগোহাঁইক৷ একেদৰে ছোৱালীৰ ফাইনেলত গাৰ্গীয়ে অসমৰে নৈমিখা শইকীয়াক ১৫-৩, ১৫-৯ ৰ ব্যৱধানত পৰাস্ত কৰে৷

ছিনিয়ৰ ল’ৰাৰ ডাবলছত তন্ময়-নিবিৰ যুটিয়ে ফাইনেলত অৰুণাচলৰ প্ৰতিদ্বন্দ্বীক ১৫-১১, ১১-১৫, ১৫-৭ ৰ ব্যৱধানত হৰুৱাই সোণ লাভ কৰাৰ বিপৰীতে মহিলাৰ ডাবলচৰ ফাইনেলত অসমৰ গাৰ্গী শইকীয়া আৰু ভৱিষ্যা চাংমাই মণিপুৰৰ যুটিৰ বিৰুদ্ধে পৰাস্ত হয়৷ ইফালে, জুনিয়ৰ ছোৱালীৰ ডাবলচৰ ফাইনেলতো অসমৰ অভিকা-ভৱিষ্যা যুটি মিজোৰামৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকে৷ আনহাতে ছিনিয়ৰৰ মিক্সড শাখাৰ ফাইনেলত অসমৰ স্বৰ্ণৰাজ বৰা আৰু ভৱিষ্যা যুটি মণিপুৰৰ বিৰুদ্ধে পৰাস্ত হয়৷

জুনিয়ৰ ল’ৰাৰ ডাবলছ খিতাপ অৰুণাচলৰ শ্বাটলাৰে লাভ কৰাৰ বিপৰীতে মিক্সড শাখাৰ খিতাপ জয় কৰে মিজোৰামে৷

উল্লেখ্য যে শনিবাৰে যি দহখন ফাইনেল হৈছিল ইয়াৰে আঠখনতে অসমৰ খেলুৱৈ আছিল যত অসমে পাঁচটা সোণ আৰু তিনিটা ৰূপ অৰ্জন কৰে৷ প্ৰতিযোগিতাত অসম দলৰ এই সফলতাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদসহ সমূহ বিষয়ববীয়াই খেলুৱৈ আৰু প্ৰশিক্ষকসহ সহযোগী ষ্টাফক অভিনন্দন জনাইছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *