ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ দ্বিতীয়খন মেচৰ বাবে সাজু অসম ক্ৰিকেট সন্থা

September 26, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ । ২৮ ছেপ্তেম্বৰত গুৱাহাটী পাবহি দুয়োটা দলৰ তাৰকা খেলুৱৈ । নিচেই কাষৰ পৰা চাব পাৰিব বিৰাট-ৰোহিতৰ বেটিং তাণ্ডৱ । ২০১৮ অথবা ২০২৩ ৰ পুনৰাবৃত্তি ঘটাব নেকি দুই মহাতাৰকাই ।

অহা ৩০ ছেপ্তেম্বৰত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বহু প্ৰতিক্ষিত ভাৰত-ৱেষ্ট ইণ্ডিজ এদিৱীয়া শৃংখলাৰ দ্বিতীয়খন হাইভল্টেজ মেচ। ইয়াৰ পূৰ্বে অহা ২৮ ছেপ্তেম্বৰত গুৱাহাটীত আহি পৰ্দাপৰ্ণ কৰিব ভাৰতীয় ক্ৰিকেট দল আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে । দুয়োটা দলেই মহানগৰীৰ হোটেল ৰেডিছন ব্লু'ত থকাৰ পাছত অহা ২৯ ছেপ্তেম্বৰত বৰ্ষাপাৰাত পৃথকে পৃথকে কৰিব অনুশীলন । দুপৰীয়া ১.৩০ বজাৰ বিয়লি ৪.৩০ বজালৈ অনুশীলনত নামিব ৱেষ্ট ইণ্ডিজ দল ।আনহাতে,সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ৮.৩০ বজালৈ ভাৰতীয় ক্ৰিকেট দলটোৱে কৰিব অনুশীলন । অহা ৩০ ছেপ্তেম্বৰত দিনৰ ২ বজাৰ পৰা নিশা ১০ বজালৈ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন হাইভল্টেজ মেচ । বৃহস্পতিবাৰে বৰ্ষাপাৰাৰ ৯১ য়াৰ্ডছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা জনালে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ-এ ।

ইফালে , যোৱা ৪ ছেপ্তেম্বৰতেই দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে মেচৰ টিকট । ২৪ ছেপ্তেম্বৰ পৰ্যন্ত বিক্ৰী হৈছে ১৭ হাজাৰ টিকট । ২০০০ টা টিকট ছাত্র-ছাত্রীৰ বাবে সংৰক্ষণ কৰা হৈছে । শিক্ষাৰ্থীৰ বাবে মাত্র ৫০০ টকাত লাভ কৰিব টিকট ।শিক্ষাৰ্থীক বাদ দি ১৫০০,২০০০ ,২৫০০ ,৩০০০ আৰু ৪০০০ মূল্যৰ টিকটৰ ব্যৱস্থা কৰা হৈছে ।

ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাত ভাৰতীয় দলত আছে বিৰাট কোহলী , ৰোহিত শৰ্মা,শুভমন গীলৰ দৰে তাৰকা খেলুৱৈ । দেওবাৰে শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব তিৰুৱন্তপুৰমত । ইতিমধ্যে তিৰুৱন্তপুৰমত অনুশীলনত দেখা গৈছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক ।
বৰ্ষাপাৰাতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগীয়ে ৰোহিত-বিৰাটৰ বেটিং ধুমুহা ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব । ইফালে ,ৱেষ্ট ইণ্ডিজ দলতো আছে কেইবাজনো তাৰকা খেলুৱৈ । ষ্টেডিয়ামত বহি এখন সুন্দৰ ক্ৰিকেট মেচ উপভোগ কৰিব পাৰিব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা ।

বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুবাৰকৈ শতকীয়া ইনিংছ খেলিছে গুৱাহাটীৰ বৰ্ষাপাৰাত । ২০১৮ চনৰ ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৰ্ষাপাৰাত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত বিৰাট কোহলিয়ে ১০৭ টা বলৰ বিপৰীতে স্ক'ৰ কৰিছিল ১৪০ ৰাণ । সেইদৰে,২০২৩ বৰ্ষৰ ১০ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত কিং কোহলীয়ে ৮৭ টা বলত কোবাইছিল ১১৩ ৰাণ । আনহাতে ,২০১৮ চনৰ ২১ অক্টোবৰতে বৰ্ষাপাৰাত শতক কোবাইছিল হিটমেন ৰোহিত শৰ্মাই । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ১১৭ টা বলত ৰোহিত শৰ্মাই স্কৰ কৰিছিল অপৰাজিত ১৫২ ৰাণ ।

২০১৮ অথবা ২০২৩ চনৰ পুনৰাবৃত্তি ঘটিব নেকি বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত ?কোটি কোটি ভাৰতীয় বুকুত ক্ৰিকেটৰ উন্মাদনা সৃষ্টি কৰি বিৰাট-ৰোহিতৰ বেটৰ পৰা আকৌ বৰষিব নেকি শতকীয় ইনিংছ ?সেই প্ৰশ্নৰ উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব অহা ৩০ ছেপ্তেম্বৰলৈ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *