“ভিনু মানকাড ট্ৰফী”ৰ বাবে অসমৰ ১৯ বছৰ অনুৰ্ধ পুৰুষ দল ঘোষণা

October 3, 2026

K

Gogo Sports NE

গুৱাহাটী,৩ অক্টোবৰ ২০২৬ :

অহা ৮ অক্টোবৰৰ পৰা লক্ষ্ণৌত হ’বলগীয়া "ভিনু মানকাড ট্ৰফী"ৰ (এদিনীয়া) প্ৰথম তিনিখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ১৯ অনুৰ্ধ পুৰুষৰ ৰাজ্যিক দলটো ঘোষণা কৰিছে । দলৰ নেতৃত্বত থাকিব অমন যাদৱ । তুষাৰ ৰুদ্ৰ বৰা আৰু শুভম বিশ্বাসক উইকেটকীপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ।

নিৰ্বাচিত দলটো :
১) অমন যাদৱ (কেপ্তেইন ),
২) তুষাৰ ৰুদ্ৰ বৰা ( উইকেটকীপাৰ ),
৩) জুলিয়েন কোঁৱৰ,
৪) শুভম বিশ্বাস (উইকেটকীপাৰ)
৫) হিয়ান কাশ্যপ,
৬) শুভংকৰ শৰ্মা,
৭) পাৰ্থিৱ ৰাজ কাশ্যপ,
৮) ৰাহুল তামুলী,
৯) মনীষ মাহাতো,
১০) হৃত্বিক ধৰ,
১১) অমিত চৌধুৰী,
১২) আলহাম ৱাহিদ,
১৩) প্ৰণৱ গগৈ,
১৪) বৈভৱ আনন্দ বৰা আৰু
১৫) ৰাজকুমাৰ বৰা ।

ষ্টেণ্ডবাই : নিট্ৰিক ৰাজ গগৈ (ফিটনেছৰ চৰ্তসাপেক্ষে ), মৃণ্ময় দাস, দৰমিয়ান ৰছুল, জায়ান ইয়াচিন আহমেদ ( উইকেটকীপাৰ ), নিহাল বৈশ্য, মোকচুদ উদ্দিন, মহিবুল ইছলাম, যশ পদ্দাৰ আৰু চিৰন্তন খাটনিয়াৰ ।

আগন্তুক "ভিনু মানকাড ট্ৰফী"ত সফল অভিযানৰ কামনাৰে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা যুৱ খেলুৱৈ সকললৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *