গুৱাহাটী, ৯ অক্টোবৰঃ অষ্ট্ৰেলিয়াত চলি থকা "বিশ্ব লনবল চেম্পিয়ন অৱ চেম্পিয়নছ"ৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে অসমৰ পুতুল সোণোৱালে৷ বৰ্তমান দেশৰ শীৰ্ষস্থানৰ খেলুৱৈ পুতুল হ’ল এই প্ৰতিযোগিতাত পদক নিশ্চিত কৰা ভাৰতৰ প্ৰথমজন খেলুৱৈ৷ ছেমিত পুতুল সোণোৱাল স্কটলেণ্ডৰ লেইন মেকলীনৰ মুখামুখি হ’ব৷ ইয়াৰ পুৰ্বে পুতুল সোণোৱালে কোৱৰ্টাৰ ফাইনেলত ছিংগাপুৰৰ হেৰীমেন য়ুয়েনক পৰাস্ত কৰে ব্ৰঞ্জৰ পদকটো নিশ্চিত কৰে ৷ ৩৪ খন দেশে প্ৰতিনিধিত্ব কৰা প্ৰতিযোগিতাখনত অসমৰ বনগীতা হাজৰিকাইও প্ৰতিনিধিত্ব কৰিছিল৷ পুতুল সোণোৱাললৈ লনবল সন্থা, অসমে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে পৰৱৰ্তী মেচৰ বাবে শুভকামনা জনাইছে৷
ৱৰ্ল্ড বল চেম্পিয়ন অৱ চেম্পিয়নছ ,পদক নিশ্চিত পুতুল সোণোৱালৰ
October 9, 2026
Gogo Sports NE


0 Comments