গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ফুটবল অনুৰাগীৰ বহু প্ৰতিক্ষাৰ পৰিল অন্ত । সোমবাৰৰ পৰা গুৱাহাটীত আই এছ এলৰ মেচ । মোহনবাগানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ।
অসম তথা উত্তৰ-পূবাঞ্চলৰ ফুটবল অনুৰাগীৰ বহু প্ৰতিক্ষাৰ অন্ত পেলাই সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব ২০২৬-২৭ চিজনৰ "ইণ্ডিয়ান চুপাৰ লীগ" চমুকৈ "আই এছ এল"ৰ মেচ । সন্ধিয়া ৭.৩০ বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামৰ খেলপথাৰত নামিব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আলহী দল মোহন বাগান চুপাৰ জায়েন্ট । মেচৰ পূৰ্বে শনিবাৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নৰ্থ ইষ্ট ইউনাইটেড এফৰ হৈ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালী আৰু খেলুৱৈ টণ্ডনবা সিঙে সম্বোধন কৰিলে এখনি গুৰুত্বপূৰ্ণ সংবাদমেল ।

"আমাৰ প্ৰথমখন মেচ মোহন বাগানৰ বিৰুদ্ধে আছে । আমি মেচৰ বাবে সাজু হৈছো । সকলো খেলুৱৈ সাজু হৈছে ।" সংবাদমেলত এই মন্তব্য নৰ্থ ইষ্ট ইউনাইটেডৰ অন্যতম তাৰকা খেলুৱৈ টণ্ডনবা সিঙৰ ।

ইফালে,ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত আলহী দল মোহন বাগানক ৰোধিবলৈ সাজু হৈছে জুৱান পেড্ৰ বেনালীৰ নেতৃত্বৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চি ।মেচৰ পূৰ্বে সৰুসজাইত কঠোৰ অনুশীলন চলাইছে ঘৰুৱা দলটোৱে । ২ বাৰৰ আই এছ এল চেম্পিয়ন দল মোহন বাগানক পৰাভূত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বেনালীৰ দলটোৱে ।

আনহাতে, মেচৰ পূৰ্বে শনিবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ ৫ খেলুৱৈ ,প্ৰশিক্ষক আৰু চি ই অ'-এ সাংবাদিকৰ সৈতে কৰিলে মত-বিনিময় । এই অনুষ্ঠানত উপস্থিত থাকিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ চি ই অ' মন্দাৰ তামহানে,মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালী, ৫ খেলুৱৈ ক্ৰমে- টণ্ডনবা সিং ,আলাদিন আজাৰাই ,পাৰ্থিৱ সুন্দৰ গগৈ,গুৰমিত সিং আৰু ৰিডিম টলাং। এই অনুষ্ঠানত অসমসন্তান পাৰ্থিৱ সুন্দৰ গগৈয়ে ক'লে -" আমি প্ৰতিবাৰৰ দৰে প্ৰথম মেচখনত ফ'কাছ কৰিম । পূৰ্বৰ ভূলখিনি আমি বিশ্লেষণ কৰিছো ।"

ফুটবল অনুৰাগীয়ে আশা কৰিছে -সোমবাৰে সন্ধিয়া ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই এছ এলৰ এখন হাইভল্টেজ মেচ । ফুটবলৰ গভীৰ উন্মাদনাত বুৰ যাবলৈ সাজু অসম তথা উত্তৰ -পূবাঞ্চলৰ ফুটবল অনুৰাগী ।


0 Comments