নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবৰ আন এক কাৰ্যসূচী

October 14, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীত "গ্ৰেট জিপিচি ৰান-২০২৬" সফলতাৰে সম্পন্ন । গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগ । প্ৰায় ১০০ গৰাকী সংবাদকৰ্মীৰ অংশগ্ৰহণ । মানসিক স্বাস্থ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্য । নৱেম্বৰত "ক্ৰীড়া সাংবাদিক সন্মিলন " আয়োজনৰ কথা ঘোষণা ।

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় "গ্ৰেট জিপিচি ৰান ২০২৬" । গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মহানগৰীৰ প্ৰায় ১০০ গৰাকী সংবাদকৰ্মীয়ে । পুৰুষ আৰু মহিলাৰ পৃথক শাখাত অনুষ্ঠিত ৫ কিঃমিঃ দূৰত্বৰ এই মাৰাথন দৌৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা শুভাৰম্ভ কৰা হয় ।শাৰীৰিক সুস্থতা ,মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষেৰে এই মাৰাথন দৌৰৰ আয়োজন কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে । এই কাৰ্যসূচীত উপস্থিত থাকিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা,বিশিষ্ট অভিনেতা যতিন বৰা ,অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা ,গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা,জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ,প্ৰাণজিৎ শইকীয়া ,প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ কৃষ্ণ দাস আদি বিশিষ্ট ব্যক্তি । মানসিক স্বাস্থ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী প্ৰেছ ক্লাবে গ্ৰহণ কৰা পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে অতিথিসকলে ।

বিজয়ী সকলক ট্ৰফী ,মেডেল ,আৰু প্ৰমাণপত্রেৰে সন্মানিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাবে । তদুপৰি,দুয়োটা শাখাৰ শীৰ্ষ ৫ খেলুৱৈ-এ কাজিৰঙা আল্ট্ৰা ট্ৰেলইছত অংশগ্ৰহণৰ লাভ কৰিব সুযোগ । এই কথা জনালে গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে ।

আনহাতে,গ'গ স্পৰ্টছ এন ই-ৰ সন্মুখত গুৱাহাটী প্ৰেছ ক্লাবৰ আন এক কাৰ্যসূচীৰ কথাও ঘোষণা কৰিলে ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে । চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত গুৱাহাটী প্ৰেছ ক্লাবে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব "ক্ৰীড়া সাংবাদিক সন্মিলন"।

প্ৰায় ১০০ গৰাকী সংবাদকৰ্মীৰ অংশগ্ৰহণেৰে "গ্ৰেট জিপিচি ৰান"ৰ সফলতাৰ পাছত গুৱাহাটী প্ৰেছ ক্লাবৰ পৰৱৰ্তী কাৰ্যসূচী "ক্ৰীড়া সাংবাদিক সন্মিলন" ও হওঁক সাফল্যমণ্ডিত ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *