ঘৰুৱা খেলপথাৰত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

October 17, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

দেওবাৰে গুৱাহাটীত "আই এছ এল"ৰ ৰোমাঞ্চকৰ মেচ। সমুখ সমৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ । ঘৰুৱা খেলপথাৰত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰক্ষাৰ লক্ষ্য ।

দেওবাৰে গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ২০২৬-২৭ "আই এছ এল" চিজনৰ এখন হাইভল্টেজ ফুটবল মেচ । সন্ধিয়া ৭.৩০ বজাত খেলপথাৰত অৱৰ্তীণ হ'ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আলহী দল কেৰালা ব্লাষ্টাৰ্ছ । চলিত চিজনত ইতিমধ্যে জয়েৰে অভিযান আৰম্ভ কৰিছে জুৱান পেড্ৰ বেনালীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ । নিজা প্ৰথম মেচত মোহন বাগানক ১-০ গ'লত পৰাস্ত কৰি ইতিমধ্যে ৩ পইন্ট লাভ কৰিছে বেনালীৰ দলটোৱে । চিজনৰ দ্বিতীয়খন মেচতো ঘৰুৱা খেলপথাৰত ঘৰুৱা লোকৰ সমৰ্থনত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব ঘৰুৱা দলটোৱে । ইতিমধ্যে কেৰালা ব্লাষ্টাৰ্ছক ৰোধিবলৈ সৰুসজাইত কঠোৰ অনুশীলন চলাইছে নৰ্থ ইষ্ট ইউনাইটেডে । মেচৰ পূৰ্বে শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নৰ্থ ইষ্ট ইউনাইটেড এফৰ চিৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালী আৰু তাৰকা খেলুৱৈ ৰিডিম টলাঙে সম্বোধন কৰিলে সংবাদমেল ।

লগতে ,সংবাদমেলত বেনালীয়ে কেৰালা ব্লাষ্টাৰ্ছৰ সন্দৰ্ভত মন্তব্য কৰে এনেদৰে- "আমি এটা বহুত ভাল দলৰ বিৰুদ্ধে খেলিবলৈ গৈ আছো । অভিজ্ঞ খেলুৱৈ, যুৱ প্ৰতিভা আৰু অভিজ্ঞ প্ৰশিক্ষকৰে ভৰপূৰ কেৰালাৰ এটা ভাৰসাম্য দল আছে । আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ভূলবোৰ এৰাই চলি ,সুযোগবোৰ ব্যৱহাৰ কৰিব লাগিব ।"

ইফালে,সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ বেনালীক ৰিডিম টলাঙে প্ৰশংসা কৰিলে এনেদৰে-" তেওঁ দললৈ যি দায়িত্ববোধ আৰু অনুশাসন আনিছে সেয়া আটাইতকৈ উল্লেখ্যযোগ্য । তেওঁ প্ৰথমদিনাৰ পৰাই দলটো একেলগে ৰাখিব বিচাৰে । অনুশাসন আৰু একতাই তেওঁৰ ডাঙৰ অৱদান।"

উল্লেখ্য যে, বিগত ২০১৪ চনৰ পৰা এতিয়ালৈকে "আই এছ এল"ৰ ইতিহাসত মুঠ ২৫ বাৰ মুখামুখি হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ । ইয়াৰে ৯ বাৰ জয়ী হৈছে কোৰালা ব্লাষ্টাৰ্ছ আৰু ৬ বাৰ জয়ী হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি । তদুপৰি, ড্ৰ খেলিছে ১০ খন মেচ ।

উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা- চলিত চিজনত কেৰালাক হৰুৱাই জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ ৩ পইন্ট লাভ কৰক নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ
। শাৰদীয় দূৰ্গোৎসৱৰ মাজতে ফুটবলৰ গভীৰ উন্মাদনাত বুৰ যাবলৈ সাজু লাখ লাখ ফুটবল অনুৰাগী ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *