জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন,অসমৰ ল’ৰা দলৰ ৰূপ অৰ্জন

November 15, 2026

K

Gogo Sports NE

গুৱাহাটী, ১৫ নৱেম্বৰ: ছিকিমৰ গেংটকত অনুষ্ঠিত ৪৯ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত অসমৰ লৰাৰ দলে ৰূপৰ পদক অৰ্জন কৰিছে। দেওবাৰে অনুষ্ঠিত ফাইনেলত অসম কৰ্ণাটকৰ বিৰুদ্ধে ২-০ ত পৰাস্ত হয়।

একক শাখাৰ প্ৰথম মেচত বৰ্ণিল আকাশ চাংমাই ১৬-১৮, ৬-১৫ ত পৰাস্ত হোৱাৰ পাছত ডাবলচত বৰ্ণিল আৰু অনয়ন বৰা ৯-১৫, ১৫-১০, ৭-১৫ ৰ ব্যাৱধানত পৰাস্ত হয়।

উল্লেখ্য যে অসম মাণ্ডলিক চেম্পিয়ন হোৱাৰ বাবে প্ৰতিযোগিতাত পোনে পোনে ছেমিফাইনেল খেলিছিল আৰু ছেমিত ২-০ ত উত্তৰাখণ্ডক পৰাস্ত কৰিছিল।

দলীয় শাখাৰ সমাপ্তিৰ পাছত এতিয়া মুকলি শাখাৰ খেল অনুষ্ঠিত হব। অহা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত অসমৰ ল'ৰা-ছোৱালী উভয় দলেই অংশ লৈছে।

অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্তসহ সন্থাৰ বিষয়ববীয়াসকলে ৰূপজয়ী লৰাৰ দলটোক শুভেচ্ছা জনাইছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *