অনুৰ্ধ -১৯ চি.বি.ট্ৰফীৰ প্ৰথম দুখন মেচলৈ অসমৰ দল ঘোষণা

November 17, 2026

K

Gogo Sports NE

গুৱাহাটী ১৭ নৱেম্বৰঃ অহা ২৬ নৱেম্বৰৰ পৰা ডিব্ৰুগড়ত হ’বলগীয়া "চি বি ট্ৰফী"ৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাই অসমৰ ১৯ বছৰ অনুৰ্ধ পুৰুষৰ দলটো ঘোষণা কৰিছে । পৃথ্বীৰাজ কাশ্যপক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

ঘোষিত দলটো : পৃথ্বীৰাজ কাশ্যপ (অধিনায়ক), নন্দন পাটৰ, জুলিয়েন কোঁৱৰ, অমন যাদৱ, হিয়ান কাশ্যপ, নিহাল বৈশ্য, ৰাহুল তামুলী, জায়ান ইয়াচিন আহমেদ
( উইকেটকীপাৰ ), তুষাৰ ৰুদ্ৰ বৰা, ( উইকেটকীপাৰ ), মনীষ মাহাতো, চিৰন্তন খাটনিয়াৰ, অমিত চৌধুৰী, আলহাম ৱাহিদ, ১৪) নিত্ৰিক ৰাজ গগৈ আৰু প্ৰিন্স বৰা ।

ষ্টেণ্ডবাই খেলুৱৈ : ডৰমিয়ান ৰছুল, নিৰজ ওৰাং, অমৃত কুমাৰ সিং, হৃত্বিক ধৰ, মজিদুল ইছলাম, ভাৰ্গব দাস, মহিবুল ইছলাম, বৈভব আনন্দ বৰা আৰু শুভম বিশ্বাস (উইকেটকীপাৰ ) ।

ছাপৰ্টিং ষ্টাফ -- মুখ্য প্ৰশিক্ষক: মৈনাক সেনগুপ্ত, বলিং প্ৰশিক্ষক : জাভেদ জামান, সহকাৰী প্ৰশিক্ষক : সলিল সিনহা, ট্ৰেইনাৰ : বিনীত যাদৱ,
ফিজিঅ’: ডাঃ কিশোৰ পি নাখালে, থ্ৰ'ডাউন বিশেষজ্ঞ : অনিল নটৱৰভাই পেটেল আৰু ভিডিঅ’বিশ্লেষক : চি কাৰ্তিক কুমাৰ ।

দলটোৰ সুফল কামনাৰে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দল আৰু সহযোগী ষ্টাফৰ আটাইকে আন্তৰিক শুভেচ্ছা জনাইছে ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *