“তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ” আৰম্ভ

November 27, 2026

K

Gogo Sports NE

গুৱাহাটী, ২৭ নৱেম্বৰঃ পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত তথা পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ সহযোগত ‘উদয়াচল’-এ আয়োজন কৰা তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ শুক্ৰবাৰৰ পৰা গুৱাহাটীৰ তিনিটা স্থানত আৰম্ভ হৈছে৷ তিনি দিনীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হয়৷

বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখন আনুষ্ঠানভাৱে মুকলি কৰে পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাই৷ চমু ভাষণত তেওঁ কয় যে তৃতীয়বাৰলৈ অসমে আয়োজন কৰা উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতৰ দুখন চুবুৰীয়া দেশ নেপাল আৰু ভূটানে অংশগ্ৰহণ কৰিছে৷ অহা বৰ্ষৰ পৰা এছিয়াৰ আন আন দেশকো এই ক্ৰীড়া সমাৰোহলৈ আমন্ত্ৰণ জনোৱা হ’ব৷ ইফালে, ৰাজ্যৰ পেৰা ক্ৰীড়া তথা খেলুৱৈসকলৰ উত্তৰণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি লগতে কয় যে পূৰ্বতে পেৰা ক্ৰীড়া সন্থাৰ বাবে চৰকাৰে ১০ লাখ টকা প্ৰদান কৰিছিল৷ কিন্তু এতিয়া অসম চৰকাৰে ধনৰ পৰিমাণ ৪০ লাখ টকালৈ বৃদ্ধি কৰিছে৷

ৰাজ্যিক সন্থাৰ সম্পাদক ৰাজীৱ দে- পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ যুটীয়া সচিব ললিত ঠাকুৰ, নেপাল পেৰালিম্পিকৰ প্ৰতিনিধি ওম নাথ শিৱাকটি, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন, ক্ৰীড়া সঞ্চালক অংকুৰ ভড়ালী, এছ বি আইৰ শীৰ্ষ বিষয়া অতুল ৰাথি, সাংবাদিক জাৰিৰ হুছেইন, পৰিবহন বিভাগৰ বিষয়া গৌতম দাস আদি উপস্থিত থাকে৷

উদ্বোধনী অনুষ্ঠানতে ১৬ বছৰ বয়সতে গ্লাছগ’ "কমনৱেলথ গেমছ-২০২৬" ত ভাৰতক প্ৰতিনিধিত্ব কৰি দেশৰ সৰ্ব কনিষ্ঠ তথা উত্তৰ পূৱৰ প্ৰথম মহিলা পেৰা এথলীট হোৱাৰ গৌৰৱ অৰ্জা অসমৰ চাইক্লিষ্ট লিজা দাসক ৰাজ্য চৰকাৰে আগবঢ়োৱা ২ লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণকাৰী ১০ টা দলৰ খেলুৱৈয়ে মাৰ্চ পাষ্টত অংশ লোৱাৰ লগতে বিহু দলে সাংস্কৃতিক অনুষ্ঠান আৰু বেণ্ডৰ ঝংকাৰ তোলে৷

ইফালে, শুক্ৰবাৰে আবেলিৰ পৰা ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত এথলেটিছ আৰম্ভ হোৱাৰ বিপৰীতে বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হয় বেডমিণ্টন আৰু টেবুল টেনিছ৷ শনিবাৰে বন্দ্যা ইণ্টাৰনেচনেল স্কুলত সাঁতোৰ, সৰুসজাইত দবা আৰু ‘উদয়াচল’ত বচিয়া খেল আৰম্ভ হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *