“এ পি এল”-ৰ প্ৰাকক্ষণত ক্ৰিকেটাৰলৈ ৰিয়ানৰ গুৰুত্বপূৰ্ণ বাৰ্তা

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই আয়োজন কৰিব লগা উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ[এ পি এল] ৰ পূৰ্বে ভাৰতীয় দলৰ সদস্য অসম সন্তান ৰিয়ান পৰাগে ৰাজ্যৰ ক্ৰিকেটাৰসকললৈ গুৰুত্বপূৰ্ণ শুভেচ্চাবাণী প্ৰেৰণ কৰিছে৷

সামাজিক মাধ্যমত দিয়া এক ভিডিঅ’ বাৰ্তাযোগে আই পি এল দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ানে কয়- "এ পি এল অসমত হ’লেও এইয়া কেৱল স্থানীয় প্ৰতিযোগিতা নহয়৷ এ পি এলত অভিজাত ভাৰতীয় বৃহৎ ক্ৰিকেট পৰিয়ালটোৰ দৃষ্টি থাকিব৷ অসমৰ প্ৰতিভা বিচাৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ, ফ্ৰেঞ্চাইজি আৰু প্ৰতিভাসন্ধানী লোকসকলে এই লীগৰ ওপৰত চকু ৰাখিব৷"

এ পি এলত অংশ ল’ব লগা খেলুৱৈসকলক খেল তথা সতীৰ্থক সন্মান কৰাৰ কথা ব্যক্ত কৰি ৰিয়ানে লগতে কয় যে প্ৰতিভা আৰু দক্ষতাক উচ্চ পৰ্যায়লৈ লৈ যোৱা লগতে সফলতাৰে ৰাষ্ট্ৰীয় স্তৰত নিজৰ যোগ্যতাক প্ৰতিফলিত কৰাৰ এয়া সুৱৰ্ণ সুযোগ ৷ অসমৰ ক্ৰিকেটাৰে এই সুযোগৰ সহায়ত অনুশাসন আৰু দৃঢ়তাৰে জগত জয় কৰিব পাৰিব বুলিও লগতে ব্যক্ত কৰে টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ গৰাকীয়ে৷

উল্লেখ্য যে অহা ১৯ জুলাইত এ পি এলৰ খেলুৱৈ নিলাম গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পাছতে ৮ টা দলৰ মাজত ৰণনীতিৰ মুকলি যুঁজ আৰম্ভ হ’ব৷ আনহাতে, অহা ১ আগষ্টৰ পৰা এ চি এ ষ্টেডিয়ামত লীগ আৰম্ভ হোৱাৰ লগে লগে অসমৰ ক্ৰিকেটত এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *