এযোৰ “গ্ৰীণবুট” আৰু মাউন্ট এভাৰেষ্টৰ এটা ৩০ বছৰ পুৰণি মৃতদেহৰ ৰহস্য, অসমৰ পৰ্বতাৰোহী ভনিতা টিমুংপীৰ মুখেৰে এভাৰেষ্টৰ শিখৰত ঘটা ৩০ বছৰ পুৰণি এক দুৰ্ঘটনা

November 4, 2026

K

Gogo Sports NE

মাউন্ট এভাৰেষ্টৰ বক্ষত ৩০ বছৰ পুৰণি এটি মৃতদেহ। বৰফৰ হিম শীতল কোলাত অক্ষত অৱস্থাত পৰি ৰৈছে মৃতদেহটো । মৃতদেহটোৰ ভৰিৰ "গ্ৰীণবুট" এতিয়া পৰ্বতাৰোহীৰ বাবে পথ নিৰ্দেশনা। ১৯৯৬ চনৰ মাউন্ট এভাৰেষ্ট অভিযানৰ সময়ত তুষাৰ ধুমুহাত হেৰাই গৈছিল ৩ ভাৰতীয় পৰ্বতাৰোহী। ৩০ বছৰৰ পাছত চিনাক্তকৰণ ভাৰতীয় পৰ্বতাৰোহীৰ মৃতদেহ। স্ব-ভূমিলৈ মৃতদেহ লৈ অনাৰ পৰিকল্পনা আৰম্ভ ।কিন্তু কোন ভাৰতীয় পৰ্বতাৰোহীৰ মৃতদেহ এইয়া ? এই ঘটনাৰ সাক্ষী অসমকন্যা ভনিতা টিমুংপী।

পৰ্বত দেখিবলৈ যিমান সুন্দৰ,আভ্যন্তৰত সিমান ভয়াৱহ। বিশেষকৈ দুঃসাহসিক অভিযানকালত বতৰৰ বিষয়ে ধাৰণা কৰাটো অতি কঠিন।
অভিযান কালত কোন মুহুৰ্তত বতৰ বেয়া হয়,কোন মুহুৰ্তত ধুমুহা আহে ,কোন মুহুৰ্তত তুষাৰপাত আৰম্ভ হয়,সেয়াও অনুমান কৰাটো কঠিন।

১৯৯৬ চনত চীনৰ দিশৰ পৰা অল পুলিছ মাউন্টেনিয়াৰিঙৰ এটা দলে "মাউন্ট এভাৰেষ্ট" আৰোহণৰ বাবে অগ্ৰসৰ হৈছিল । প্ৰায় ৩৫ জনীয়া দলটোৰ অন্যতম সদস্য আছিল অসমৰ সুযোগ্য পৰ্বতাৰোহী আই.টি.বি.পি.ৰ সহ অধিনায়ক ভনিতা টিমুংপী আৰু আই.পি.এছ. পৰশমণি দাস।
১০ মে'ৰ অভিশপ্ত দিনটোত মাউন্ট এভাৰেষ্টৰ তুষাৰ ধুমুহাত চিৰ দিনৰ বাবে হেৰাই গৈছিল এই দলটোৰ তিনিগৰাকী ভাৰতীয় পৰ্বতাৰাহী।
প্ৰকৃততে ১৯৯৬ চনৰ ১০ মে'ৰ অভিশপ্ত দিনটোত কি হৈছিল? ঘটনাৰ অন্যতম সাক্ষী অসমৰ ভনিতা টিমুংপী ।

এই ঘটনাৰ ৩০ বছৰ সময় অতিক্ৰম কৰাৰ পাছতো চামিট কেম্পৰ ওচৰত তলমূৱা হৈ পৰি ৰৈছিল এটি মৃতদেহ। পৰৱৰ্তী সময়ত সেই পথেৰে যোৱা পৰ্বতাৰোহীসকলে মৃতদেহটো দেখিলেও কোনেও মুখখন চাব পৰা নাছিল ।কাৰণ ,সেই স্থানৰ পৰা নিজৰ জীৱন বচাই অনাটোৱেই কঠিন। এনে প্ৰেক্ষাপটত পবৰ্তাৰোহী সকলে মৃতদেহটোৰ ভৰিত দেখিছিল এযোৰ ক'ফ্লাচৰ "গ্ৰীণবুট" অথাৎ নীলা ৰঙৰ জোতা। পিছলৈ পবৰ্তাৰোহীসকলৰ বাৰে মৃতদেহটোৰ "গ্ৰীণবুট" অথাৎ নীলা জোতাযোৰ হৈ পৰিছিল পথ নিৰ্দেশনা ।এই ঘটনাৰ সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে অসম পৰ্বতাৰোহণ সন্থাৰ বিষয়-ববীয়া মৃংগাক শৰ্মাই ।

ভৰিত "গ্ৰীণবুট" পৰিধান কৰা মৃতদেহটো কাৰ হয় ,শেষতীয়াকৈ ডি.এন.এ. পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে।
সেই অনুসৰি ৩০ বছৰ পুৰণি এই বিশেষ মৃতদেহটো হ'ল "ভাৰত তীব্বত সীমান্ত আৰক্ষী" বাহিনীৰ লেঞ্চ নায়ক মৰূপ দৰ্জেৰ।
৩০ বছৰ বৰফৰ মাজত পৰি থকা মৰূপ দৰ্জেৰ মৃতদেহ দেশলৈ অনাৰ ক্ষেত্রত ইতিমধ্যে উদ্যোগ হাতত লৈছে ভাৰত চৰকাৰ আৰু আই টি বি পি কতৃপক্ষই ।

উল্লেখ্য যে, এনেদৰেই "কেদাৰ ড'ম" অভিযান কালত হোৱা তুষাৰ ধুমুহাত চিৰদিনৰ বাবে হেৰাই গৈছিল অসম পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞা। ১৯৭৯ চনৰ ৫ অক্টোবৰৰ সেই অভিশপ্ত দিনটোৰ কথা সোঁৱৰিলে অসম পৰ্বতাৰোহণ সন্থাৰ বিষয়-ববীয়া মৃংগাক শৰ্মাই । শৰ্মাই আশা কৰে এদিন মৰূপ দৰ্জেৰ দৰে অসম সন্তান ৰোহণী কুমাৰ ভূঞাও উভতিব অসমভূমিলৈ।

দুঃসাহসিক ক্ৰীড়া অনুৰাগীৰ আশা- ভাৰত চৰকাৰ তথা আই.টি.বি.পি-ৰ বলিষ্ঠ পদক্ষেপত ৩০ বছৰৰ অন্তত মাউন্ট এভাৰেষ্টৰ বক্ষৰ পৰা ভাৰত তথা লাডাখৰ পৰিয়ালৰ ওচৰলৈ উভতি আহক এভাৰেষ্টজয়ী মৰূপ দৰ্জেৰ নশ্বৰ দেহ। বহু ব্যয়বহুল এই প্ৰক্ৰিয়া সঁচা অৰ্থত সম্ভৱ হৈ উঠিলে বিশ্বৰ পৰ্বতাৰোহণ ক্ষেত্রত সূচনা হ'ব এক বিৰল ইতিহাসৰ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *