গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত মাহৰ ১৫ আগষ্টত অৰ্থাৎ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো সফলতাৰে আৰোহণ কৰা পৰ্বতাৰোহী তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈক শুক্ৰবাৰে বিভিন্ন দল সংগঠনে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
অসমীয়া যুৱ মঞ্চ, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, বীৰ লাচিত সেনা, ৰংঘৰ সাংস্কৃতিক সমাজ, অসমৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সহযোগত শুক্ৰবাৰে প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট পৰ্বতাৰোহী গৰাকীক দল -সংগঠন সমুহৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট পৰ্বতাৰোহী গৰাকীয়ে নিজৰকিলিমাঞ্জাৰো আৰোহণৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে - টকা পইচা উপাৰ্জনে মানুহৰ শেষ লক্ষ্য হোৱা উচিত নহয়। জীৱন উপভোগ কৰিবলৈ হ'লে বিদেশ ভ্ৰমণ কৰা উচিত। জীৱনৰ মাদকতা মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ হ'লে পৰ্বতাৰোহণৰ দৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সৈতে নিজকে জড়িত কৰা উচিত। চেষ্টাৰ অসাধ্য একো নাই। মনত সংকল্প থাকিলে দৃঢ় মনোবল থাকিলে আৰু লক্ষ্য স্থিৰ হ'লে অসম্ভৱ বুলি মানুহৰ কোনো কামেই নাথাকে।
বিশিষ্ট পৰ্বতাৰোহী গৰাকীয়ে তেওঁৰ কিলিমাঞ্জাৰো আৰোহণৰ সময়তকিমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু যোৱাৰ পূৰ্বে শাৰীৰিক আৰু মানসিকভাৱে তেওঁ কেনেদৰে প্ৰস্তুতি চলাইছিল সেই সম্পৰ্কেও উল্লেখ কৰে।আনহাতে অসমৰ মানুহেওআফ্রিকালৈ গৈ ব্যৱসায় কৰাৰ কথা, আৰু তাৰ মানুহখিনিৰ অতিথি পৰায়ণতাৰ বিষয়েও তেওঁ উল্লেখ কৰে।শৰীৰ থিকে থাকিলে আগন্তুক সময়ত ইউৰোপৰ সৰ্বোচ্চ শিখৰ আৰোহণ কৰাৰ সপোন বুকুত বান্ধি ৰখাৰ
কথাও তেওঁ জানিব দিয়ে।
এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে। উল্লেখ্য যে - পূৰ্বেও হিমালয়ৰ বিভিন্ন শৃংগ সফলতাৰে আৰোহণ কৰা প্ৰণয় বৰদলৈৰ পাহাৰ-পৰ্বতৰ সৈতে আছে মধুৰ সম্পৰ্ক। লগতে বিভিন্ন সময়ত চাইকেলেৰে বিদেশ ভ্ৰমণৰো বহু অভিজ্ঞতা তেওঁ বুটলিছে।


0 Comments