“৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টামেৰ বক্সিং প্ৰতিযোগিতা”ত অসমৰ অংকুশিতা বড়োৰ সোণজয়, অসম এমেছাৰ বক্সিং সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

November 9, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টামেৰ বক্সিং প্ৰতিযোগিতা"ত উজলিল অসমৰ বক্সাৰ। সোণজিনি গুৱাহাটীত উপস্থিত অসমকন্যা অংকুশিতা বড়ো।
হোটেল ৰেভিৰাত অসম এমেছাৰ বক্সিং সন্থাই অংকুশিতাক জনালে উষ্ম সম্ভাষণ।

যোৱা ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ ফিনলেণ্ডৰ টেম্পেৰ চহৰৰ পীনিক্কী স্পৰ্টছ হ'লত অনুষ্ঠিত হয় "৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টামেৰ বক্সিং প্ৰতিযোগিতা"। এই প্ৰতিযোগিতাত মহিলাৰ ৬৫ কেজি শাখাত খেলি দুৰ্দান্ত প্ৰদৰ্শনৰে সোণ আজুৰি আনিলে অসমৰ অংকুশিতা বড়ো-এ।
ফাইনেলত ইংলেণ্ডৰ ইলা থম্পষ্টনৰ বিৰুদ্ধে ৪-১ ত জয়ী হয় অংকুশিতা। ইয়াৰ পূৰ্বে কোৱাৰ্টাৰত ব্ৰাজিলৰ হেজিয়েল চান্টোছক ৪-১ ত পৰাভূত কৰে অংকুশিতাই। আনহাতে,ছেমিত অংকুশিতাৰ হাতত ৩-২ ৰ ব্যৱধানত পৰাস্ত হয় ছুইজাৰলেণ্ডৰ আন্না জেনি
। সোণজিনি শনিবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে হোটেল ৰেভিৰাত অসম এমেছাৰ বক্সিং সন্থাই অংকুশিতাক জনালে উষ্ম সম্ভাষণ।
গামোচা,জাপি,শৰাই, চেলেঙেৰে অসমভূমিলৈ আদৰিলে ছিনিয়ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণজয়ী তাৰকা বক্সাৰ অংকুশিতা বড়োক। কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াইও অংকুশিতাক জনালে শুভেচ্ছা। "ছিনিয়ৰ"ত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰা অংকুশিতাক অসম এমেছাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনালে শুভকামনা।

সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হৈ পৰিল তাৰকা বক্সাৰ অংকুশিতা। ছিনিয়ৰত কেৰিয়াৰৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ অনুভৱ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে অংকুশিতাই।

ইয়াৰ পূৰ্বে ২০১৭ চনত গুৱাহাটীত অনুষ্ঠিত "য়ুথ ৱ'ল্ড ৱমেন বক্সিং চেম্পিয়নশ্বিপ"ত সোণৰ পদক জয় কৰিছিল অংকুশিতা বড়ো-এ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ "য়ুথ" শাখাত সোণজয়ৰ ৯ বছৰৰ অন্তত "ছিনিয়ৰ" শাখাতো অংকুশিতাই লাভ কৰিলে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক। তেতিয়াৰ সোণজয় আৰু এতিয়াৰ সোণজয়ৰ মাদকতা কিছু পৃথক বুলি মন্তব্য কৰে বক্সাৰ গৰাকী-এ।

সদ্যসমাপ্ত আইচি-নাগোয়া "এছিয়ান গেমছ-২০২৬"ত লাভলীনা বৰগোঁহাইৰ সোণজয়ৰ পাছত গুলাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত লাভলীনাই সতীৰ্থ অংকুশিতা বড়োক লৈ কৰিছিল এক মন্তব্য। সেই অনুষ্ঠানত দিয়া ভাষণত অসমৰ ৰাইজৰ পৰা অংকুশিতাৰ বাবেও আৰ্শীবাদ বিছাৰিছিল লাভলীনাই। লাভলীনাৰ বিশ্বাস আছিল যে "আগন্তুক সময়ত অংকুশিতাইও এদিন অসমৰ নাম উজলাব পাৰিব"

ৰাজহুৱা অনুষ্ঠানত সেইদিনা লাভলীনাৰ কথাশুনি চকুপানী ওলাইছিল অংকুশিতা বড়োৰ। এই অনুষ্ঠানত লাভলীনা পৰা অংকুশিতাৰ লাভ কৰিলে আন এক গভীৰ অনুপ্ৰেৰণা ।

উল্লেখ্য যে,সমাগত "ছিনিয়ৰ নেচনেল বক্সিং চেম্পিয়নশ্বিপ-২০২৬" ।ছিনিয়ৰ নেচনেলৰ পৰাই খেলুৱৈসকলে বাছনি লাভ কৰিব "ৱ'ল্ড চেম্পিয়নশ্বিপ"লৈ। আনহাতে কাজাখস্তানত অনুষ্ঠিত হ'বলগা "ৱ'ল্ড বক্সিং চেম্পিয়নশ্বিপ"ৰ পৰাই ২০২৮ ৰ "লছ এঞ্জেলছ অলিম্পিক"লৈ ভাৰতীয় বক্সাৰ সকলে কোটা হিচাপে স্থান লাভ কৰাৰ প্ৰথমটো সুযোগ অৰ্জন কৰিব । এই সম্পৰ্কে অৱগত কৰিলে অসম এমেছাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই।

ক্ৰীড়া অনুৰাগীৰ আশা- কোটাৰ জৰিয়তে আগন্তুক ২০২৮ ৰ "লছ এঞ্জেলছ অলিম্পিক"লৈ বাছনি লাভ কৰক অসমকন্যা লাভলীনা বৰগোঁহাইৰ উপৰি তাৰকা বক্সাৰ অংকুশিতা বড়ো-এ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *