গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"অস্মিতা খেলো ইণ্ডিয়া যোৰহাট চিটি উশ্বু ৱমেন লীগ" । ৭৮ গৰাকী মহীলা খেলুৱৈৰ অংশগ্ৰহণ
যোৰহাট জিলা উশ্বু সন্থাৰ উদ্যোগ ।
যোৱা ২৫ অক্টোবৰত যোৰহাট স্থিত বাহনা মহাবিদ্যালয়ৰ য়িপমেন একাডেমীত অনুষ্ঠিত হয় "অস্মিতা খেলো ইণ্ডিয়া যোৰহাট চিটি উশ্বু ৱ'মেন লীগ"। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত তথা অসম উস্বু সন্থাৰ অধীনত যোৰহাট জিলা উশ্বু সন্থাই আয়োজন কৰা প্ৰতিযোগিতাত সমাবেশ ঘটিল অফিচিয়েলকে ধৰি মুঠ ৭৮ গৰাকী খেলুৱৈৰ।
প্ৰতিযোগিতাৰ পূৰ্বে "হিয়াৰ আমঠু" জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা উশ্বু সন্থাৰ সাধাৰণ সম্পাদক চাও কুমুদ গগৈ-এ আৰু মাৰ্চিয়েল আৰ্টছ মাষ্টাৰ "য়িপমেন"ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱীকা লিলি শইকীয়াই। যোৰহাট জিলা উশ্বু সন্থাৰ সভাপতি কৌশিক শইকীয়া আৰু কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে বাহনা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড০ অমৰ জ্যোতি ভঁৰালী-এ। প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সুবিধা প্ৰদান কৰাৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ,অসম উশ্বু সন্থাক ধন্যবাদ জনালে যোৰহাট জিলা উশ্বু সন্থাৰ সাধাৰণ সম্পাদক চাও কুমুদ গগৈ-এ।
ইফালে, প্ৰতিযোগিতাখনত ৮ টা সোণ আৰু ১ টা ৰূপৰ পদকেৰে প্ৰথম স্থান অধিকাৰ কৰে য়িপমেন একাডেমী,যোৰহাটে ।সেইদৰে,৩ টা সোণ আৰু ১ টা ৰূপৰ পদকেৰে দ্বিতীয়ত জিলিকিল তিনিচুকীয়া জিলা উশ্বু সন্থা। আনহাতে,২ টা সোণ ২ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান অধিকাৰ কৰে ৱেষ্ট যোৰহাট মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ একাডেমী-এ।
এনে প্ৰতিযোগিতাৰ জৰিয়তে আগন্তুক সময়ত মহিলা খেলুৱৈসকল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠিব বুলি আশাবাদী যোৰহাট জিলা উশ্বু সন্থাৰ টেকনিকেল চেক্ৰেটেৰী এছ. এছ সিদ্ধাৰ্থ । ক্ৰীড়া অনুৰাগীৰ আশা- এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি উশ্বুৰ ক্ৰীড়াঙ্গনত দোপদদোপে আগুৱাই যাওঁক মহিলা খেলুৱৈ ।


0 Comments