গুৱাহাটীৰ আৰ্যপীঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “অস্মিতা খেলো ইণ্ডিয়া ৱমেন উশ্বু লীগ”

October 14, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

কামৰূপ মেট্ৰত "অস্মিতা উশ্বু লীগ"। জীপাল আৰ্য বিদ্যাপীঠৰ উশ্বু আৰু কুংফু ট্ৰেইনিং চেন্টাৰ । প্ৰায় ১০০ গৰাকী মহিলা উশ্বু খেলুৱৈৰ অংশগ্ৰহণ ।

যোৱা ১১ অক্টোবৰত গুৱাহাটীস্থিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ উশ্বু আৰু কুংফু ট্ৰেইনিং চেন্টাৰত অনুষ্ঠিত হয় "অস্মিতা খেলো ইণ্ডিয়া ৱমেন উশ্বু লীগ"। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত তথা অসম উশ্বু সন্থাৰ সহযোগত কামৰূপ মেট্ৰ জিলা উশ্বু সন্থাই আয়োজন কৰা এই লীগত অংশগ্ৰহণ কৰিলে প্ৰায় ১০০ গৰাকী মহিলা উশ্বু খেলুৱৈ-এ । প্ৰায় ৪ গৰাকী আন্তঃৰাষ্ট্ৰীয় উশ্বু খেলুৱৈও সংযুক্ত হ'ল এই মহিলা উশ্বু লীগত । এই লীগত টাওলু আৰু চান্দা ইভেন্টত মহিলা খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব । অসম উশ্বু সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিৎ বড়োৰ উপস্থিতিত প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰসভাৰ ১৯ নং আৰু ১৫ নং ৱাৰ্ডৰ কাউন্সিলৰ ক্ৰমে -ব্ৰিজেশ ৰয় ,সৌৰভ ঝুনঝুনৱালাই । দেওবাৰে কামৰূপ মেট্ৰৰ উপৰি এই লীগ অনুষ্ঠিত হয় গোৱালপাৰা,তামুলপুৰ,
শিৱসাগৰ,বাক্সা ,ওদালগুৰি,বিশ্বনাথকে ধৰি ৰাজ্যৰ মুঠ ১০ টা স্থানত । তৃণমূল পৰ্যায়ৰ পৰা মহিলা উশ্বু খেলুৱৈ সৃষ্টিৰ ক্ষেত্রত এই লীগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী কামৰূপ মেট্ৰ জিলা উশ্বু সন্থাৰ কাৰ্যকৰী সভাপতি গণেশ শীল ।

কামৰূপ মেট্ৰ জিলা উশ্বু সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল মেধিয়ে প্ৰেছ বিজ্ঞপ্তি যোগে জনোৱা অনুসৰি ৮ টা সোণেৰে গুৱাহাটীত অনুষ্ঠিত লীগত প্ৰথম স্থান অধিকাৰ কৰিছে উশ্বু ক'চিং চেন্টাৰে ।সেইদৰে , ৪ টা সোণ, ১ টা ৰূপ আৰু ২ টা ব্ৰঞ্জসহ দ্বিতীয়ত জিলিকিল বৰপেটা উশ্বু ক্লাব । আনহাতে, ২ টা সোণ,১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জেৰে তৃতীয় স্থান দখল কৰে বোন্দা উশ্বু এণ্ড চেল্ফ ডিফেন্স মাৰ্চিয়েল আৰ্টছ একাডেমী ।

ক্ৰীড়া অনুৰাগীৰ আশা- এনে লীগৰ আঁচলত ধৰি উশ্বু ক্ষেত্রত দোপদদোপে আগুৱাই যাওক অসমৰ মহিলা উশ্বু খেলুৱৈ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *