দীপক কুমাৰ দাসৰ প্ৰতিবেদন
২০১৯ চনৰ ১ ছেপ্তেম্বৰত সৰুসজাই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা তথা অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত কেইগৰাকীমান ভলীবল প্ৰেমীৰ সহযোগত জন্ম লাভ কৰা অসম ভলীবল মিছন-১০০ই এইবেলি অষ্টম বৰ্ষত ভৰি দিলে। সপ্তম বৰ্ষপূৰ্তি উপলক্ষে অসম ভলীবল মিছন-১০০ৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ প্ৰায় ১৮০টা ক্লাৱে নিজ নিজ খেলপথাৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ খবৰ পোৱা গৈছে। ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ভলীবল সম্পৰ্কীয় চিত্ৰাঙ্কণ, ৰছনা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, গছপুলি ৰোপন, জ্যেষ্ঠ সকলৰ আশীষ গ্ৰহণ, ভলীবল সম্পৰ্কীয় পৰ্যালোচনা সভা, ভলীবল খেলৰ সজাগতা সৃষ্টি কৰাৰ বাবে চাইকেল ৰেলী ইত্যাদি অনেক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উল্লেখ্য যে প্ৰথম বৰ্ষত ল'ৰাৰ ৩৭টা আৰু ছোৱালীৰ ১৩ দলৰ মাজত অনুষ্ঠিত কৰা হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগ। এই লীগৰ উদ্বোধনী নলবাৰীৰ বৰবৰী ভলীবল কচিং চেন্টাৰত আৰম্ভ হৈ মঙ্গলদৈৰ হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত চুপাৰ লীগেৰে লীগখনৰ সমাপ্ত হৈছিল। তেতিয়াৰে পৰাই অসম ভলীবল মিছন-১০০ই পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। দিনক দিনে লীগখনৰ জড়িয়তে অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মান হ'বলৈ ধৰিলে আৰু ইয়াৰ ফলশ্ৰুতিতেই বিশ্ব ভলীবল সন্হাই "ব্ৰহ্মপুত্ৰ ভলীবল লীগ"ক পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰে। আজিৰ দিনটো মিছন-১০০ৰ অন্তৰ্গত ক্লাৱ/সংঘৰ সংখ্যা প্ৰায় ১৮০টা হৈছেগৈ। গৌৰৱৰ বিষয় যে প্ৰায় ৩০ হাজাৰ খেলুৱৈয়ে এতিয়া অসমত ভলীবলৰ অনুশীলন কৰে। ইয়াৰে প্ৰায় ৫ হাজাৰ খেলুৱৈয়ে এইবেলি সপ্তম সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগত অংশগ্ৰহণ কৰিব। এই লীগৰ আৰম্ভণি কৰা হ'ব মাজুলীৰ "ডায়মণ্ড ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ"ৰ আতিথ্যত। মিছন-১০০ৰ সপ্তম বৰ্ষপৃৰ্তি উপলক্ষে অসম ভলীবল মিছন-১০০ৰ প্ৰতিস্থাপক অভিজিৎ ভট্টাচাৰ্য, সভাপতি ডঃ স্বাক্ষৰ সৌৰভ তালুকদাৰ, সাধাৰণ সম্পাদক জয়ন্ত শৰ্মাই আটায়েৰে সহযোগিতাৰ শলাগ জনোৱাৰ লগতে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে।


0 Comments