গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
সন্মুখত "৪১ সংখ্যক য়ুথ নেচনেল বাস্কেটবল চেম্পিয়নশ্বিপ" । সাজু অসম বাস্কেটবল দল। অসম বাস্কেটবল সন্থাৰ শুভেচ্ছা। গুৱাহাটীৰ পৰা পুনেলৈ ৰাওনা ল'ৰা-ছোৱালী উভয় দল ।
অহা ২৭ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হ'ব " ৪১ সংখ্যক য়ুথ নেচনেল বাস্কেটবল চেম্পিয়নশ্বিপ-২০২৬"।
বাস্কেটবল ফেডাৰেছন অৱ ইণ্ডিয়াৰ উদ্যোগত তথা মহাৰাষ্ট্ৰ বাস্কেটবল সন্থাৰ সহযোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে অসমৰ ল'ৰা-ছোৱালী উভয় শাখাৰে বাস্কেটবল দল। যোৱা ২৮ ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ মালিগাঁৱৰ এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা "১৭ অনুৰ্ধ আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা"ৰ পৰা অসমৰ ছোৱালী দলটো গঠন কৰা হয়।সামান্তৰালভাৱে, চলিত অক্টোবৰ মাহতে গোলাঘাটত অনুষ্ঠিত হৈ যোৱা "আন্তঃজিলা বাস্কেটবল প্ৰতিযোগিতা"ৰ পৰা বাছনি কৰা হয় অসমৰ ল'ৰা শাখাৰ বাস্কেটবল দল।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পূৰ্বে অসম দলৰ নিৰ্বাচিত খেলুৱৈ-এ মালিগাঁৱৰ এন এফ ৰেলৱে ষ্টেডিয়ামত অনুষ্ঠিত এক "প্ৰস্তুতি শিবিৰ"তো অংশ লয়।
ইফালে, শনিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা পুনে অভিমুখে ৰাওনা হৈছে অসম দলটো। অসম এৰাৰ প্ৰাকক্ষণত শুক্ৰবাৰে গুৱাহাটীৰ মালিগাওঁস্থিত এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত দলৰ জাৰ্ছি বিতৰণ কৰে অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক চাজিদ ৰহমান,যুটীয়া সম্পাদক প্ৰদীপ মজুমদাৰ আৰু অৰূপজ্যোতি চৌধুৰী-এ। অসম দলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাল ফলাফল দাঙি ধৰিব বুলি আশাবাদী অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক চাজিদ ৰহমান।
অসম দলত আছে গোলাঘাট,তিনিচুকীয়া, ডিমা হাচাও,গুৱাহাটী,এন এফ ৰেলৱে আদিকে ধৰি বিভিন্ন প্ৰান্তৰ ন-পুৰণি খেলুৱৈৰ সমাহাৰ।
অসম দলৰ ল'ৰা শাখাৰ প্ৰশিক্ষক বদন দে' আৰু মেনেজাৰৰ ভূমিকা পালন কৰিছে জেৰল্ড বসুমতাৰী-এ। আনহাতে, ছোৱালী বাস্কেটবল দলৰ প্ৰশিক্ষক নিলম কাকতি আৰু মেনেজাৰ হ'ল ছায়া বসুমতাৰী। দলটোক শুভেচ্ছা জ্ঞাপন কৰিলে অসম বাস্কেটবল সন্থাৰ যুটীয়া সম্পাদক প্ৰদীপ মজুমদাৰে। ক্ৰীড়া অনুৰাগীৰ আশা-পুনেত অপ্ৰতিৰোধ্য হওঁক অসম বাস্কেটবল দল। ল'ৰা-ছোৱালী উভয় শাখাতে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যক দিয়ক পদকজয়ৰ কৃতিত্ব ।


0 Comments