গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
১৪-১৬ আগষ্টলৈ পুনেত অনুষ্ঠিত "ৰাষ্ট্ৰীয় ট্ৰাইথলন চেম্পিয়নশ্বিপ"ত অসমৰ খেলুৱৈ-এ উজ্জ্বল প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
নুপুৰ ডেকাই ছোৱালীৰ ২৫–২৯ বছৰ বয়সৰ শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে দেৱিকা শৰ্মাই ছোৱালীৰ ২০–২৪ বছৰ বয়সৰ শাখাত সোণৰ পদক অৰ্জন কৰে। আনহাতে, তুষাৰ ডেকাই ল’ৰাৰ ২০–২৪ বছৰ বয়সৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অসমৰ পৰা ৮ জনীয়া এটা দলে অংশগ্ৰহণ কৰে। অসমৰ এই খেলুৱৈসকলৰ সাফল্যই ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰিছে।
নুপুৰ ডেকা, দেৱিকা শৰ্মা আৰু তুষাৰ ডেকাৰ এই কৃতিত্বত অসমৰ ক্ৰীড়াপ্ৰেমী-এ সন্তোষ প্ৰকাশ কৰিছে। তেওঁলোকৰ এই সাফল্যই ৰাজ্যখনৰ যুৱ খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক ভাল প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব।


0 Comments