গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অৰুণাচল প্ৰদেশৰ ইটানগৰত "চেম্পিয়নছ মেকাৰ একাডেমী"ৰ খেলুৱৈৰ সাফল্য।দুৰ্দান্ত ক্ৰীড়া শৈলীৰে ৫ জুডোকাৰ পদকজয়।
পদকজয়ীক প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ শুভেচ্ছা।
যোৱা ২১ ৰ পৰা ২৩ আগষ্টলৈ অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হয় "ষষ্ঠ সংখ্যক ৰাজ্যিক পৰ্যায় জুডো প্ৰতিযোগিতা-২০২৬" ।
অৰুণাচল জুডো সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে আমন্ত্রণ লাভ কৰে বিশ্বনাথ জিলা জুডো সন্থাৰ অন্তৰ্গত চতিয়াৰ "চেম্পিয়নছ মেকাৰ একাডেমী"ৰ খেলুৱৈসকলে ।এই আমন্ত্রণ ৰক্ষা কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত চতিয়াৰ "চেম্পিয়নছ মেকাৰ একাডেমী"ত প্ৰশিক্ষণ প্ৰাপ্ত ৬ গৰাকী খেলুৱৈ-এ অংশগ্ৰহণ কৰি দুৰ্দান্ত ক্ৰীড়া শৈলীৰে অৰ্জন কৰে পদক জয়ৰ কৃতিত্ব।
ইয়াৰে ৫ গৰাকী খেলুৱৈ-এ ২ টা সোণ ৩ টা ব্ৰঞ্জৰ পদক জয়েৰে "বিশ্বনাথ জিলা জুডো সন্থা"ৰ লগতে চতিয়াৰ "চেম্পিয়নছ মেকাৰ একাডেমী"লৈ কঢ়িয়াই আনিছে গৌৰৱ।
প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে আগষ্টি ডেকা আৰু কুলজিৎ দাসে নিজ নিজ শাখাত দখল কৰে স্বৰ্ণ পদক ।আনহাতে দেৱনীভ বৰমুদৈ ,কুলদীপ দাস আৰু নেচিম আহমেদে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অৰ্জন কৰে ব্ৰঞ্জৰ পদক।তদুপৰি,একাডেমীৰ আন এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ গীতাৰ্থ কলিতাও মেচত অত্যন্ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে যদিও খেলৰ অন্তিম মুহুৰ্তত হোৱা সামান্য ভূলৰ বাবে দূভাগ্যজনকভাৱে পদকৰ দৌৰৰ পৰা বাহিৰ হ'বলগীয়া হয়।
"চেম্পয়নছ মেকাৰ একাডেমী"ৰ ৬ জনীয়া খেলুৱৈৰ দলটোক নেতৃত্ব প্ৰদান কৰে একাডেমীৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসে।
প্ৰতিযোগিতাত পদকজয়ী তথা অংশগ্ৰহণকৰা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰশিক্ষক গৰাকী-এ।
উল্লেখ্য যে, প্ৰতিযোগিতাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকিল "জুডো ফেডাৰেছন অৱ ইণ্ডিয়া"ৰ নৱ নিৰ্বাচিত সভাপতি মুকেশ কুমাৰ আৰু সাধাৰণ সম্পাদক তথা উত্তৰ-পূব জুডো ক্ৰীড়াৰ পিতামহ বাণীব্ৰত দাস।ইফালে, সোমবাৰে চতিয়াৰ "চেম্পিয়নছ মেকাৰ একাডেমী"টো পৰিদৰ্শন কৰি একাডেমীৰ নতুন পৰিকল্পনাৰ বিষয়ে বুজ ল'লে " জুডো ফেডাৰেচন অৱ ইণ্ডিয়া"ৰ সভাপতি আৰু সম্পাদক দ্বয়ে।
ক্ৰীড়া অনুৰাগীৰ আশা-"চেম্পিয়নছ মেকাৰ একাডেমী"ত প্ৰশিক্ষণ গ্ৰহণ কৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওঁক একাডেমীটোৰ প্ৰতিশ্ৰুতিসম্পন্ন জুডো খেলুৱৈ।


0 Comments