গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীত আৰম্ভ "ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৬" ।উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালী।
উপস্থিত অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা ।একেদিনাই "অসম পেৰালিম্পিক সন্থা"ৰ নতুন কাৰ্যালয় মুকলি।
দেওবাৰৰ পৰা গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হৈছে "ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৬" ।অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ২৩ খন জিলাৰ প্ৰায় ৩৪৫ গৰাকী পেৰা খেলুৱৈ-এ।
সোমবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীনচন্দ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান।
এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভঁৰালী,অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা, বিশিষ্ট ভাৰতীয় উদ্যোগী ৰাজেন্দ্ৰ চামৰিয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ প্ৰতিনিধিবৰ্গ তথা পেৰা খেলুৱৈ আৰু অভিভাৱকসকল ।নিমন্ত্রিত অতিথিসকলে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ।অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞাই পদকজয়ী খেলুৱৈক মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত।
তদুপৰি, সমাগত "নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট-২০২৬ "ত এইবাৰ উত্তৰ-পূবাঞ্চলৰ ৭ ৰাজ্য থকাৰ উপৰি বহিঃদেশৰ খেলুৱৈও অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিলে ৰিণিকি ভূঞা শৰ্মাই।
"সদৌ অসম পেৰা স্পৰ্টছ মিট"ৰ লক্ষ্য হ'ল-ৰাজ্যৰ চুকে-কুনে লুকাই থকা প্ৰতিভাসমূহক চিনাক্তকৰণ কৰি প্ৰতিযোগিতাৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰা।এছিয়ান পেৰা গেমছ,কমনৱেলথ গেমছত অসম খেলুৱৈ-এ ভাৰতীয় দলক ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছে ।পৰৱৰ্তী লক্ষ্য-হ'ল অসমৰ পেৰা খেলুৱৈক পেৰালিম্পিকৰ বাবে প্ৰস্তুত কৰি তোলা।এই মন্তব্য অসম পেৰালিম্পিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ দে'ৰ।
বাকী খেল সমূহৰ দৰে পেৰা স্পৰ্টছেও যদি ২০ শতাংশ সমৰ্থন আৰু সুবিধা লাভ কৰে তেন্তে, "পেৰালিম্পিক"ৰ ভাৰতীয় দলটো অসমৰ প্ৰতিনিধিত্ব থাকিব বুলি আশাবাদী ৰাজীৱ দে'।পেৰা খেলুৱৈৰ বাবে উপযুক্ত আন্তঃগাঠনি,প্ৰশিক্ষকৰ লগতে
প্ৰশিক্ষণৰ সু-ব্যৱস্থা প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনালে সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
ইফালে, "ষষ্ঠ সদৌ অসম পেৰা স্পৰ্টছ মিট"ৰ উদ্বোধনীৰ দিনটোতে অসম পেৰালিম্পিক সন্থাৰ নতুন কাৰ্যালয়টো মুকলি কৰা হয়।
ফিটা কাটি কাৰ্যালয়টো মুকলি কৰে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাই।অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ১০ নম্বৰ গেটৰ সমীপত আছে এই কাৰ্যালয়।কাৰ্যালয়টোৰ বাবে স্থান প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জনালে সন্থাই।
উল্লেখ্য যে, অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প,বন্দ্যা ইন্টাৰনেচনেল স্কুল ,উদয়াচলকে ধৰি মুঠ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছে "সদৌ অসম পেৰা স্পৰ্ট মিট-২০২৬"।পেৰা এথলেটিকছ,পেৰা চুইমিং,পেৰা বেডমিন্টন,পেৰা টেবুল টেনিছ,পেৰা বচ্চিয়া আৰু পেৰা দবাকে ধৰি মুঠ ৬ টা ক্ৰীড়া ইভেন্টত পেৰা খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিছে শ্ৰেষ্ঠত্ব।


0 Comments