দীপক কুমাৰ দাসৰ প্ৰতিবেদন
বনভাগ উদয়ণ সংঘৰ উদ্যোগত সাগৰকুছি মিনি ষ্টেডিয়ামত (সাগৰকুছি-খাতিকুছি চ'ক) অনুষ্ঠিত হৈ থকা ৩৭ সংখ্যক পি বি এছ এ চলন্ত ট্ৰফী আৰু স্বৰ্গীয় কৈলাশ মল্লবৰুৱা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে (২৭ ছেপ্তেম্বৰ) নিশা আঠ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত বনভাগ উদয়ণ সংঘই ৰেডিয়েঞ্চ একাডেমী, কলগাছিয়াক সামগ্ৰীক ভাৱে ৯-৮ গ'লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। নিৰ্ধাৰিত সময়ত খেলখন ৩-৩ গ'লত ড্ৰ হোৱাত পেনাল্টি শ্বট আউতৰ দ্বাৰা খেলৰ ফলাফল নিৰ্ণয় কৰিবলগীয়া হয়। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় বনভাগ উদয়ণ সংঘৰ মৌখম বড়োয়ে। চেম্পিয়ন দলে লাভ কৰে ট্ৰফী সহ নগদ পঞ্চাশ হাজাৰ টকা আৰু ৰানাৰ্চ আপ দলে লাভ কৰে ট্ৰফী সহ নগদ চল্লিশ হাজাৰ টকা। মেচ কমিচনাৰ গৌতম কলিতাৰ তত্বাৱধানত খেলখন পৰিচালনা কৰে নৱজিৎ কলিতা, আইনোদ্দিন আহমেদ, জাবেৰ আলী আৰু ধ্ৰুৱজ্যোতি কলিতাই। চূড়ান্ত মেচৰ আগতে সাংস্কৃতিক কৰ্মী ত্ৰিদীপ ৰঞ্জন মেধিয়ে আতঁধৰা উদ্বোধনী অনুষ্ঠানত প্ৰয়াত কৈলাশ মল্লবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন আৰু মাল্যাৰ্পন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ মনোজ কুমাৰ চৌধুৰীয়ে। মেচখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী জুলি ডেকা বৰুৱাই।

অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰবীন ভলীবল খেলুৱৈৰ সন্হাৰ সভাপতি নৃপেন্দ্ৰ দাস, নলবাৰী ক্ৰীড়া সন্হাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, ফুটবল সম্পাদক ৰাতুল গোস্বামী, ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, বিশিষ্ট ব্যাৱসায়ী শুক্লেশ্বৰ কলিতা আদি বিশিষ্ট ব্যক্তি সকল। অতিথি সকলক ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ মহিলা এন চি চি কেডাৰ সকলে খেলপথাৰলৈ আদৰি আনে।

চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমূহুৰ্তত জনপ্ৰিয় কন্ঠশিল্পী ৰূপম কলিতা আৰু প্ৰিয়ংকা কলিতাৰ গীতৰ লগতে বাগৰুম্বা নৃত্যই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। লোকে লোকাৰেন্য হৈ পৰা খেলপথাৰত ৰাইজে অতি শৃংখলাবদ্ধ ভাৱে খেল উপভোগ কৰি খেলখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰা বাবে আটায়েকে বনভাগ উদয়ণ সংঘৰ সভাপতি হিতেশ ব্ৰহ্ম আৰু সম্পাদক সমিন কলিতাই ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে।


0 Comments