বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ সামৰণিঃচীনৰ ব্যৰ্থতা, ফ্ৰান্সৰ ইতিহাস,এলেক্স-আন ছি ইয়ঙৰ পুৰুষ-মহিলাৰ খিতাপ জয়

August 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ফ্ৰান্সৰ এলেক্স লানিয়াৰ আৰু কোৰিয়াৰ আন ছি ইয়ঙে নতুন দিল্লীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ সোণৰ পদক লাভ কৰিছে৷ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত দেওবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত নৱম বাচনিৰ এলেক্সে ২১-১১, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে জাপানৰ দশম বাচনিৰ শ্বাটলাৰ ক’ডাই নাৰাঅ’কাক৷ ৫০ মিনিটৰ মেচখনত জয়ৰে এলেক্সে বি ডব্লিউ এফ চেম্পিয়নশ্বিপত প্ৰথম ফৰাচী বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে৷

ইফালে, মহিলাৰ একক শাখাৰ খিতাপৰ যুঁজত মুখামুখি হৈছিল শীৰ্ষ দুটা স্থানৰ শ্বাটলাৰ কোৰিয়াৰ আন ছি ইয়ং আৰু জাপানৰ আকানা য়ামাগুচি৷ ৪৮ মিনিটৰ মেচখনত ইয়ঙে ২১-১৭, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত জয়লাভ কৰে৷

মিক্সড ডাবলছৰ খিতাপ লাভ কৰে ফ্ৰান্সৰ টম গিকুৱেল আৰু ডেলফিন ডেলৰুৱে৷ পঞ্চম বাচনিৰ যুটিটোৱে শীৰ্ষ বাচনিৰ চীনৰ ফেং ইয়ান আৰু হুৱাং ডং পিঙক পৰাস্ত কৰে৷ তিনিটা ছেটৰ ৭৮ মিনিট ধৰি চলা মেচখনত ফৰাচী শ্বাটলাৰদ্বয়ে ২২-২০, ১৯-২১, ২১-১৫ ৰ ব্যৱধানত জয়লাভ কৰে৷ উল্লেখ্য যে টম-ডেলফিনে ফ্ৰান্সৰ প্ৰথম শ্বাটলাৰ হিচাপে বিশ্ব বেডমিণ্টনত খিতাপ অৰ্জন কৰি ইতিহাস গঢ়িবলৈ সক্ষম হয়৷

ইফালে, মহিলা ডাবলছতো চীনৰ খেলুৱৈয়ে মুখথেকেছা খাব লগা হয়৷ ভাৰতৰ তৃষা-গায়ত্ৰীক ছেমিফাইনেলত পৰাস্ত কৰা শীৰ্ষ বাচনিৰ চীনৰ যুটি লিউ শ্বেং ছু আৰু টান নিঙে ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷ তৃতীয় বাচনিৰ কোৰিয়াৰ বয়েক হা না আৰু লী ছ’ হীয়ে ২১-১৫, ২১-১৫ ৰ পোনপটিয়া ব্যৱধানত চীনৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই সোণ অৰ্জন কৰে৷

উল্লেখ্য যে নতুন দিল্লী বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন ফ্ৰান্সৰ বাবে ঐতিহাসিক সাফল্যৰ ঘটনা হিচাপে চিৰস্মৰণীয় হৈ ৰব৷ এই প্ৰতিযোগিতাৰ পূৰ্বে দেশখনৰ কোনো শ্বাটলাৰে বিশ্ব বেডমিণ্টনত খিতাপ জয় কৰাটো দুৰৰে কথা ফাইনেলো খেলা নাছিল৷ কিন্তু আজি পুৰুষৰ এককত এলেক্স আৰু মিক্সড ডাবলছত টম-ডেলফিনে সোণ লাভ কৰি ইতিহাস গঢ়িলে৷ ইয়াৰপূৰ্বে এই তিনি ফৰাচী শ্বাটলাৰে কালি ফাইনেলত প্ৰৱেশ কৰিয়েই দেশবাসীক প্ৰথম গৌৰৱ দিছিল৷

ইফালে, প্ৰতিযোগিতাত চীনৰ শ্বাটলাৰৰ ব্যৰ্থতা দেশখনৰ বাবে নেতিবাচক দিশ৷ এককৰ এখনো ফাইনেলত চীনৰ খেলুৱৈ নথকাৰ বিপৰীতে ডাবলচৰ তিনিখনতে দেশখনৰ শ্বাটলাৰ আছিল যদিও মহিলা ডাবলচ আৰু মিক্সড ডাবলচত শীৰ্ষ বাচনিৰ চীনা যুটি পৰাস্ত হয়৷ চীনৰ সন্মান ৰক্ষা কৰে পুৰুষৰ ডাবলচত খিতাপ জয় কৰা ৱাং চেং আৰু লিয়াং ৱেই কৱঙে৷ তৃতীয় বাচনিৰ যুটিটোৱে ২১-১৭, ২১-১৬ ৰ পোনপটিয়া ব্যৱধানত চতুৰ্থ বাচনিৰ মালয়েছিয়াৰ যুটি আৰ’ন চিয়া আৰু ছ’হ ৱ’ই য়িক পৰাস্ত কৰে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *