চুপাৰ ডিভিজন ফুটবল লীগত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ চেম্পিয়নৰ খিতাপ

September 1, 2026

K

Gogo Sports NE

দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত প্ৰয়াত ভূৱনেশ্বৰ কলিতা সোঁৱৰণী চুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেলখন
(৩০ আগষ্ট) দেওবাৰে সন্ধিয়া ৮-৩০ বজাত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। উক্ত খেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘই মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘক ৪-২ গ'লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। মেচ কমিচনাৰ গৌতম কলিতাৰ তত্বাৱধানত খেলখন পৰিচালনা কৰে দুলুমণি তালুকদাৰ, ভাস্কৰজ্যোতি দত্ত, ভূপেন তালুকদাৰ আৰু অৰুপ কুমাৰ হালৈয়ে। নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামীয়ে আতঁধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। তেওঁ ভাষণ প্ৰসংগত কয় যে "যি অঞ্চলত ক্ৰীড়াৰ পৰিবেশ থাকে তাত ঋণাত্মক কথা বিলাকে গা কৰি উঠিব নোৱাৰে।" ইয়াৰ উপৰিও তেওঁ নলবাৰী ক্ৰীড়া সন্হাই এনেধৰণৰ কাৰ্য্যপন্থা হাতত লৈ ন ন খেলুৱৈৰ সৃষ্টিত অৰিহনা যোগাই অহা বাবে সমূহ বিষয়ববীয়াক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে।

উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামী, নলবাৰী ক্ৰীড়া সন্হাৰ উপ সভাপতি হেমেন্দ্ৰ মহন্ত, মনোজ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অভিজিৎ কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, নলবাৰী পৌৰ সভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ আদি বিশিষ্ট ব্যক্তি সকল।

আনহাতে নলবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত ভূৱনেশ্বৰ কলিতা সোঁৱৰণী "নলবাৰী লীগ ফুটবল"ৰ চুড়ান্ত খেলখন (২৯ আগষ্ট)ত শনিবাৰে সন্ধিয়া আঠ বজাত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। খেলখনত সোনাপুৰ স্পোৰ্টচ ক্লাৱে বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱক ট্ৰাইবেকাৰৰ সহায়ত ৪-৩ গ'লৰ ব্যাৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। নিৰ্ধাৰিত সময়ত খেলখন গ'ল শূন্য ভাৱে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় ল'বলগীয়া হয়। খেলখন পৰিচালনা কৰে গকুল দাস, দণ্ডী কলিতা, জাবেৰ আলী আৰু আইনোদ্দিন আহমেদে। ইতিমধ্যে চুড়ান্ত খেলত উপনীত হোৱাৰ সুবাদতে দুয়োটা দলেই নলবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত চুপাৰ ডিভিজন ফুটবল লীগলৈ উৰ্ত্তীৰ্ণ হৈছে। নলবাৰী ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক পাৰ্থ প্ৰতীম লহকৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন ফুটবল খেলুৱৈ অজিত চৌধুৰী, উপেন চৌধুৰীৰ লগতে প্ৰাক্তন ফুটবল ৰেফাৰী আব্দুল মতিনক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছত প্ৰয়াত ভূৱনেশ্বৰ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেওঁৰ পুত্ৰ নৃপেন কলিতাই। খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে। অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, নলবাৰী ক্ৰীড়া সন্হাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামী, বৰ্তমানৰ উপ সভাপতি হেমেন্দ্ৰ মহন্ত, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অভিজিৎ কলিতা, নলবাৰী জিলা ক্ৰীড়া বিষয়া লুট্ৰুৰাজ বসুমতাৰী, ডঃ ধ্ৰৱজ্যোতি ডেকা আদিৰ লগতে নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *