গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ঋষভ দীপকৰ অলৰাউণ্ড প্ৰদৰ্শনৰে চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ বৃহস্পতিবাৰে হোৱা এখন মেচত যোৰহাট ষ্টেলিয়নছক সাত উইকেটত পৰাস্ত কৰি গুৰুত্বপূৰ্ণ দুই পইণ্ট লাভ কৰে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত জয়ৰ বাবে প্ৰয়োজন হোৱা ১২৯ ৰাণ অনুসৰণ কৰি ছানৰাইজাৰ্ছে ১৪.৩ অভাৰতে তিনি উইকেট হেৰুৱাই ১৩০ ৰাণ কৰি হেলাৰঙে বিজয় অৰ্জন কৰে৷
দলৰ হৈ ইনিংছ মুকলি কৰা অধিনায়ক সুমিত ঘাডিগাওকাৰে অপৰাজিত ৫৬ ৰাণ কৰাৰ লগতে তেওঁৰ সতীৰ্থ অপেনাৰ প্ৰদ্যুন শইকীয়াই ২৫ তথা ঋষভ দীপকে ১১ বলত ৩৪ ৰাণত অপৰাজিত থাকি বিজয়ত অবদান আগবঢ়ায়৷ সুমিত আৰু প্ৰদ্যুনই প্ৰাৰম্ভিক উইকেটত ৫৮ ৰাণৰ যুটি কৰাৰ পাছত সুমিত-দীপকৰ মাজত অপৰাজিত ৪১ ৰাণ সংগ্ৰহ হয়৷
উল্লেখ্য যে ছাইৰাইজাৰ্ছৰ এই বিজয়ত মুল ভূমিকা লয় দীপকে৷ বেটিং কৰিবলৈ অহাৰ পূৰ্বে যাদুকৰী বলিঙৰে দীপকে ১৮ ৰাণত চাৰিটা উইকেট দখল কৰি প্ৰথমে বেটিং কৰা যোৰহাট ষ্টেলিয়নছক নিৰ্ধাৰিত অভাৰত ১২৮-৮ ৰাণতে বান্ধি ৰাখিবলৈ সক্ষম হয়৷ ষ্টেলিয়নছৰ হৈ সৰ্বাধিক ২৮ ৰাণ কৰে অধিনায়ক স্বৰূপম পুৰকায়স্থই৷ আনহাতে, ৰাজবিৰ সিঙে ২২ তথা দু্যতিময় নাথে ১৯ ৰাণ কৰে৷
উভয় দলে বৃহস্পতিবাৰে সাত নম্বৰ মেচখনত অবতীৰ্ণ হোৱাৰ পাছত চৰাইদেউ ছানৰাইজাৰ্ছে ছয় পইণ্টৰে তালিকাৰ পঞ্চম স্থানত থকাৰ বিপৰীতে যোৰহাট ষ্টেলিয়নছে পাঁচ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে৷
সংক্ষিপ্ত স্ক’ৰঃ
চৰাইদেউ ছানৰাইজাৰ্ছে সাত উইকেটত পৰাস্ত কৰে যোৰহাট ষ্টেলিয়নছক
যোৰহাট ষ্টেলিয়নছঃ ২০ অভাৰত ১২৮-৮ [স্বৰূপম পুৰকায়স্থ ২৮, ৰাজবিৰ সিং ২২, দু্যতিময় নাথ ১৯ ; ঋষভ দীপক ১৮-৪ , দিবাকৰ জহৰি ২৪-২৷
চৰাইদেউ ছানৰাইজাৰ্ছঃ ১৪.৩ অভাৰত ১৩০-৩ [সুমিত অপঃ৫৬, ঋষভ দীপক অপঃ৩৪, প্ৰদ্যুন শইকীয়া ২৫ ; দু্যতিময় নাথ ২৭-২৷


0 Comments