১২ অক্টোবৰ,গুৱাহাটীঃ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্ৰিয়েচন চেণ্টাৰ চেছ একাডেমীৰ উদ্যোগত "প্রথম কে কে ১৭ অনুৰ্ধ দবা প্ৰতিযোগিতা" ১১ অক্টোবৰ দেওবাৰে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ ডে হোমত সফলতাৰে অনুষ্ঠিত হয় । প্ৰতিযোগিতাখন উদ্ধোধন কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক তথা ইউনিভাৰ্চিটি শিক্ষক সন্থাৰ সম্পাদক ড০ সমীৰ সৰকাৰে। অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখনত মুঠ ২৫৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।প্ৰতিযোগিতাখনত চীফ আৰবিতাৰ ৰূপে থাকে ফিডে আৰবিতাৰ প্ৰণৱ কুমাৰ নাথ।

উল্লেখ্য যে, তন্ময় ৰাজবংশী প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয়। ইফালে, বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্লাছৰ সচিব তথা ছাত্ৰ কল্যাণ শাখাৰ সঞ্চালক ৰঞ্জন কুমাৰ কাকতি , সহযোগী অধ্যাপক তথা ইউনিভাৰ্চিটিৰ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ড০ সমীৰ সৰকাৰ ,সহযোগী অধ্যাপক তথা ইউনিভাৰ্চিটি শিক্ষক সন্থাৰ যুটীয়া সম্পাদক ড০ ভাস্কৰ ডেকা, সহযোগী অধ্যাপক ড০ অভিজিত দাস, ছাত্ৰ কল্যাণ বিভাগৰ ডেপুটি ডাইৰেক্টৰ ড০ কুলদীপ পাটগিৰি, সহকাৰী অধ্যাপিকা ড০ ভাৰতী ভৰালী,ইউনিভাৰ্চিটি ছাত্ৰ ইউনিয়নৰ অধ্যক্ষ গুঞ্জন ডেকা, ইউনিভাৰ্চিটি ছাত্ৰ ইউনিয়নৰ সম্পাদক প্ৰবাল জ্যোতি শৰ্মা,কামৰূপ জিলা দবা সন্থাৰ সভাপতি আব্দুল মতলেব,ফিডে আৰবিতাৰ প্ৰণৱ কুমাৰ নাথ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত হোৱাত সহযোগ কৰা বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষকসকলক , ছাত্ৰ ইউনিয়ন গোটক, কৰ্মচাৰী সকলক,আৰবিতাৰ সকলক,খেলুৱৈ তথা অভিভাৱক সকলক আয়োজক সমিতিৰ সভাপতি কিশোৰ কুমাৰ ডেকা আৰু সম্পাদক খনিন্দ্ৰ বৰ্মনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।



0 Comments