গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ১৬ আগষ্টত অসম সাঁতোৰ সংস্থাৰ উদ্যোগত যোৰহাট একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় "দ্বাদশ সংখ্যক অসম ৰাজ্যিক মাষ্টাৰ্ছ চুইমিং চেম্পিয়নশ্বিপ-২০২৬" । এই ৰাজ্যিক প্ৰতিযোগিতাত ৫ টাকৈ সোণৰ পদক অৰ্জন কৰি সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে দিলে চমক । ৪৫-৪৯ বয়স গোটৰ শাখাত খেলি এই অভিসংখ্যক পদক জয়ৰ কৃতিত্ব অৰ্জন কৰে প্ৰশিক্ষক গৰাকী-এ । ৫ টাকৈ ইভেন্ট খেলি ৫ টাতে সোণৰ পদক আজুৰি আনিলে বাবুল গুৰুঙে । ৫০০ মিটাৰ ফ্ৰি ষ্টাইল,১০০ মিটাৰ ফ্ৰি ষ্টাইল,৫০ মিটাৰ বেক ষ্ট্ৰ'ক,১০০ মিটাৰ বেক ষ্ট্ৰ'ক আৰু ২০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'ক-আটাইকেইটাতে সোণজয়েৰে এই সাফল্যৰ গৰাকী হয় বাবুল গুৰুং । এই প্ৰতিযোগিতাত সোণ জিনাৰ সুবাদত অহা ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ বেগালুৰুত অনুষ্ঠিত হ'বলগা "দ্বিতীয় এছিয়ান মাষ্টাৰ্ছ চুইমিং চেম্পিয়নশ্বিপ-২০২৬ ত খেলিবলৈ সুযোগ লাভ কৰিব বাবুল গুৰুঙে ।
উল্লেখ্য যে,১১ খন জিলাই অংশগ্ৰহণ কৰা "১২ সংখ্যক অসম ৰাজ্যিক মাষ্টাৰ্ছ চুইমিং চেম্পিয়নশ্বিপ"ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, চুইমিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপ সভাপতি ভাস্কৰ দাস ।


0 Comments