শ্বিলঙৰ দ্বিতীয় ছেমিফাইনেলত টাইব্ৰেকাৰত পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড,ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল-মোহন বাগান ছুপাৰ জায়েণ্ট

August 20, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ডুৰাণ্ড কাপ জয়ৰ হেট্ৰিক অৰ্জনৰ আশাত চেঁচাপানী পৰিল৷ যোৱা ছিজনত অনিৰুদ্ধ ধাৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেডৰ অশ্বমেধৰ ঘোঁৰা বৃহস্পতিবাৰে স্থবিৰ হয় মেঘালয়ৰ ভূমিত৷

উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে৷

প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমিফাইনেলত যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰত ৪-৩ গলত পৰাস্ত কৰে অভিলেখ সংখ্যক ১৭ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰা মোহন বাগান ছুপাৰ জায়েণ্টে৷

শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা হাইভ’ল্টেজ মেচখনৰ নিৰ্ধাৰিত সময়ত কোনো দলে গল কৰিব নোৱাৰাত টাইব্ৰেকাৰত নিৰ্ণয় কৰা হয় ফলাফল৷ ইয়াৰপূৰ্বে খেলৰ প্ৰথমাৰ্ধত উভয় দলে প্ৰত্যাশা অনুসৰি খেলিব পৰা নাছিল৷ কাৰণ বৰষুণৰ বাবে খেলপথাৰৰ ঠায়ে ঠায়ে পানী জমা হৈছিল৷

দ্বিতীয়াৰ্ধত আক্ৰমণ-প্ৰত্যাক্ৰমন হয় যদিও উভয় দলৰ ৰক্ষন বিভাগে নিজৰ দুৰ্গ দৰ্শনীয়ৰূপত ৰক্ষা কৰে৷ দুয়োটা দলৰ ষ্ট্ৰাইকাৰে চমক দিয়াৰ কোনো সুযোগ ৯০ মিনিটৰ খেলত পোৱাই নাছিল৷

মোহন বাগান দলে এতিয়া অহা ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা ফাইনেলত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে ১৬ বাৰ ডুৰাণ্ড কাপৰ খিতাপ জয় কৰা তথা আই এছ এলৰ যোৱা ছিজনৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে প্ৰথম ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন প্ত’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *