অসম প্ৰিমিয়াৰ লীগ,অভিলেখৰ মেচত চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে চমকপ্ৰদ জয় গুৱাহাটী ৰয়েলছৰ

August 11, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ আজি হোৱা এখন হাইস্ক’ৰিং মেচত গুৱাহাটী ৰয়েলছে তিনি উইকেটত চৰাইদেউ ছানৰাইজাৰ্ছক পৰাস্ত কৰি অভিলেখ গঢ়ে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত এ পি এলৰ কুৰিখন মেচ হৈ যোৱাৰ পাছত মংগলবাৰে ২১ নম্বৰ খেলখনত উভয় দলে নিজৰ ইনিংছত দুশৰো অধিক ৰাণ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হয়৷ মেচখনত দূয়ো দলৰ বেটাৰে অভিলেখৰ ওপৰত অভিলেখ গঢ়ে৷

উল্লেখ্য যে চৰাইদেউ দলে দিয়া ২০৯ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি গুৱাহাটী ৰয়েলছে তিনিটা বল বাকী থাকোতেই ৭ উইকেটত ২১২ ৰাণেৰে স্মৰণীয় মেচখনত জয়লাভ কৰে৷ যোৱা ২৪ ঘণ্টাৰ ভিতৰত এয়া গুৱাহাটীৰ দ্বিতীয় জয় তথা ছখন মেচত ১০ পইণ্টৰে দলে শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ অভিলেখৰ বিজয়লক্ষ্য অনুসৰণ কৰা ৰয়েলছক বিস্ফোৰক আৰম্ভনি দিয়ে উইকেটৰক্ষক বেটাৰ ৰোহিত সেনে৷ প্ৰথমটো অভাৰতে ২৪ ৰাণ কৰা ৰোহিতে ১৫ বলত লীগৰ দ্ৰুত অৰ্ধশতক অৰ্জন কৰাৰ লগতে পাৱাৰ প্লেত দুই উইকেটত ১০১ ৰাণ কৰি আন এক অভিলেখ গঢ়ে৷ ইয়াৰে ৭৩ ৰাণে আছিল ৰোহিতৰ৷ সতীৰ্থৰ সহযোগ নাপালেও ৰোহিতে ধুমুহাৰ গতিত বেটিং কৰি ৩৮ বলত ৯৬ ৰাণৰ দৃষ্টিনন্দন ইনিংছ খেলি চাৰি ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয়৷ অপেনাৰজনৰ ইনিংছত আছিল ১০ টা ছিক্সাৰ৷

অৱশ্যে ২৪২ ৰাণেৰে কমলা টুপী লাভ কৰে ৰোহিতে৷ ১১.৩ অভাৰত দলীয় স্ক’ৰ ১৪৮-৪ ত ৰোহিত আউট হয় যদিও ইতিমধ্যে তেওঁ মেচ ছানৰাইজাৰ্ছৰ হাতৰ পৰা উলিয়াই আনিছিল৷ গুঞ্জনজ্যোতি ডেকাই ৩৮ ত তথা মৃন্ময়ে ১৬ ৰাণত অপৰাজিত থাকি গুৱাহাটীক চমকপ্ৰদ জয় দিয়ে৷

ইয়াৰপূৰ্বে পোনতে বেটিং কৰা চৰাইদেউ ছানৰাইজাৰ্ছে নিৰ্ধাৰিত অভাৰত দুই উইকেট হেৰুৱাই ২০৮ ৰাণ কৰি প্ৰথম দল হিচাপে লীগত দুশ ৰাণ কৰাৰ অভিলেখ গঢ়িছিল৷ আনহাতে দলৰ অধিনায়ক সুমিত ঘাদিগাওকাৰে প্ৰথম বেটাৰৰূপে লীগত শতক অৰ্জনৰ গৌৰৱ লাভ কৰে৷ ৬০ বলত শতক অৰ্জন কৰা সুমিতে ইনিংছৰ অন্তিমটো বলত ১০৭ ৰাণ [৬৪ বল] কৰি আউট হয়৷ এয়া এ পি এলত সৰ্বাধিক ব্যক্তিগত ৰাণ৷ উইকেটৰক্ষক অপেনাৰজনৰ ইনিংছত আছিল সাতটা ছিক্সাৰ৷

উল্লেখ্য যে ছানৰাইজাৰ্ছৰ দুই অপেনাৰ সুমিত আৰু প্ৰদ্যুন শইকীয়াই ১৪৩ ৰাণ [৮৭ বল] ৰ শ্ৰেষ্ঠ অপেনিং যুটিৰ অভিলেখ ভংগৰ লগতে যিকোনো উইকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ গৌৰৱৰো অধিকাৰী হয়৷ প্ৰদ্যুনই ২৯ বলত আঠটা বাউণ্ডেৰীসহ ৫৯ ৰাণ কৰে৷ প্ৰদ্যুনৰ বিদায়ৰ পাছত সুমিতক সংগ দিয়া অম্লানজ্যোতি দাসে ১৯ বলত অপৰাজিত ৩০ ৰাণ কৰি অধিনায়কৰ লগত ৬৫ ৰাণৰ যুটি বান্ধে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ বুধবাৰে দিনৰ দুই হ’বলগা প্ৰথমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু নগাঁও ৰেঞ্জাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত তেজপুৰ টাইটানছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
গুৱাহাটী ৰয়েলছে তিনি উইকেটত পৰাস্ত কৰে চৰাইদেউ ছানৰাইজাৰ্ছক

চৰাইদেউ ছানৰাইজাৰ্ছঃ ২০ অভাৰত ২০৮-২ [সুমিত ঘাদিগাওকাৰ ১০৭, প্ৰদ্যুন শইকীয়া ৫৯, অম্লান অপঃ৩০ ; বাস্তৱ ৩২-১ , দীপক ৪৪-১৷

গুৱাহাটী ৰয়েলছঃ ১৯.৩ অভাৰত ২১২-৭ [ৰোহিত সেন ৯৬, গুঞ্জনজ্যোতি অপঃ৩৮, নীবিৰ ২১ ; দিবাকৰ ৩৪-৩ কালাম ৰাইজা ৩৯-২৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *