গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীৰ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী একাডেমীৰ চৌহদত শনিবাৰে " ৮০ সংখ্যক স্বাধীনতা দিৱস" উপলক্ষে গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা "স্বাধীনতা দিৱস দবা প্ৰতিযোগিতা"ত তানিষ্ক ঠাকুৰিয়াই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। তানিষ্কে ৭ ৰাউণ্ডৰ খেলত ৭ পইণ্ট অৰ্জন কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। শিবাংশু চহৰিয়াই ৭ ৰাউণ্ডত ৫.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। আদিত্য দেৱ আৰু ৰেয়ান্স বৰুৱাইও ৫.৫ পইণ্টকৈ লাভ কৰে যদিও টাই-ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। মহাৰ্ণৱ কলিতাই ৫ পইণ্ট লাভ কৰি পঞ্চম স্থান অধিকাৰ কৰে।
ছানভি কাশ্যপে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীৰ খেলুৱৈৰ সন্মান লাভ কৰে। তেওঁ ৭ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰে। আব্ৰি নায়লা বৰাই ৪ পইণ্টেৰে দ্বিতীয় আৰু কাৱ্যকৃষ্টি ডেকাই ৩ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ ১৫ বছৰ শাখাত আৰাধ্য মাইটিয়ে ৫ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে। অথৰ্ব মহন্ত আৰু আৰ্যমান ৰয়ে ৪.৫ পইণ্টকৈ লাভ কৰি টাই-ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ ১৩ শাখাত হৃয়ান কৌশিক ঠাকুৰিয়াই ৫ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে। ছায়াংক ঠাকুৰিয়াইয়ো ৫ পইণ্ট লাভ কৰে যদিও টাই-ব্ৰেক স্ক’ৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। ৰিদ্ধিমান চলিহাই ৪.৫ পইণ্ট লাভ কৰি এই শাখাত তৃতীয় স্থান অধিকাৰ কৰে।
অনুৰ্ধ-১১ শাখাত তীৰ্থৰাগ ডেকাই ৪.৫ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে। দিব্যৰাগ কাশ্যপ আৰু আয়ুষ প্ৰতীম নন্দীয়েও ৪.৫ পইণ্টকৈ লাভ কৰে যদিও টাই-ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ-৯ শাখাত মৈত্ৰাভ বৰুৱাই ৫ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে। গৌৰৱ শৰ্মা আৰু বৈভৱ গুৰুঙে ৪.৫ পইণ্টকৈ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্ধ-৭ শাখাত জিয়ান্স ৰায়ান কাশ্যপে ৪ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে। প্ৰজ্ঞান প্ৰাংগণ ফুকন আৰু ছয়েদ আবীৰ জিফান আহমেদে ২ পইণ্টকৈ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
২০ গৰাকী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড খেলুৱৈকে ধৰি সৰ্বমুঠ ৬৪ গৰাকী খেলুৱৈয়ে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন ৭ ৰাউণ্ডত ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হয়। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে। তেওঁক ৰাস্ত্ৰীয় আৰ্বিটাৰ তপোধন ৰংপীয়ে সহযোগিতা আগবঢ়ায়।


0 Comments