“আই টি এফ ৱল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ”,দ্বিতীয় বাচনিৰ খেলুৱৈক বিদায় দি ভাৰতৰ প্ৰেমজিত সিঙৰ অঘটন

August 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ কমপ্লেক্সত চলি থকা "আই টি এফ -ৱ’ল্ড টেনিছ মাষ্টাৰ্ছ এম টি ২০০" প্ৰতিযোগিতাখনৰ মংগলবাৰে দ্বিতীয় দিনটোত পুৰুষৰ লগতে মহিলাৰো খেল অনুষ্ঠিত হৈছে৷ মহিলাৰ ৰাউণ্ড ৰবীন লীগ মেচত ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত ছাইলী ত্ৰিবেদীয়ে ৬-৪, ৭-৬[৩], ১০-৩ ব্যৱধানত ৰাণী কৌড় মাড়বাক পৰাস্ত কৰে৷

ইফালে, মহিলাৰ ৪৫ বছৰ উধ্বৰ্ৰ একক শাখাত নাজনীন ৰহমানে ৬-১, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে ববিতা মোহন লাংথাছাক৷ আনহাতে, ৩৫ বছৰ উধ্বৰ্ৰ ডাবলছ শাখাত ছাইলী ত্ৰিবেদী আৰু ববিতা লাংথাছা যুটিয়ে ৰাণী কৌড় আৰু নাজনীন ৰহমানক ৩-৬, ৬-২, ১২-১০ ৰ ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰত ইন্দ্ৰ কুমাৰ সিং আৰু প্ৰেমজিত সিঙে ৬-১, ১-০ ত ছাহিদুল আলম আৰু সিদ্ধাৰ্থ শংকৰ যুটিক পৰাস্ত কৰে৷ এই শাখাৰে আন এখন খেলত প্ৰাৰ্থ প্ৰতীম গগৈ আৰু অলকেশ শইকীয়াই ৬-১, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে জয়ন্ত চক্ৰৱৰ্তী আৰু ভাৰ্গৱ ৰণদ্বীপক৷

ইফালে, আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ [আই টি এফ] স্বীকৃত বিশ্ব ৰেংকিঙৰ ছিনিয়ৰ প্ৰতিযোগিতাখনৰ পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰত আজি অঘটন সৃষ্টি কৰি প্ৰেমজিত সিঙে ৬-২, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে দ্বিতীয় বাচনিৰ বিনোদ সেৱাক৷ এই শাখাৰ প্ৰি-কোৱাৰ্টাৰ মেচত জয়ী হৈ অগ্ৰসৰ হোৱা অন্য খেলুৱৈসকল হ’ল ঃ ভূটানৰ পেমা নবুৰ্, অভিজিত গৌৰী, শুভাশীষ দেৱবাৰ্মা, ইন্দ্ৰকুমাৰ সিং আৰু অসীমজ্যোতি দত্ত৷

ইফালে, পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত কৃষ্ণকুমাৰ দেৱবাৰ্মাই ৬-১, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে ৰাজকুমাৰ মোহন সিঙক৷ আনহাতে, ৫৫ বছৰ উধ্বৰ্ৰ কোৱাৰ্টাৰ ফাইনেলত বাল কৃষ্ণ ভাটিয়া, তুলেশ্বৰ সিং, ৰোচনকান্ত ঘিছিং আৰু হাকিম আলীয়ে নিজৰ নিজৰ মেচত জয়লাভ কৰিছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *