গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে "২০ সংখ্যক এছিয়ান গেমছ-২০২৬"।প্ৰতিযোগিতাৰ সপ্তমদিনা শুক্ৰবাৰ পৰ্যন্ত ভাৰতে অৰ্জন কৰিছে মুঠ ২৩ টা পদক। ইয়াৰে ২ টা সোণ,৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক । শুক্ৰবাৰে প্ৰতিযোগিতাৰ সপ্তমদিনা ভাৰতীয় এথলীটে দেশমাতৃক উপহাৰ দিলে মুঠ ৬ টা পদক ।
চলিত "এছিয়ান গেমছ"ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেন্টৰ জৰিয়তে ভাৰতে লাভ কৰে দ্বিতীয়টো স্বৰ্ণপদক । ৪৮৪.৬ পইন্টেৰে কমলজীত আৰু সুৰচি সিঙৰ যুটিয়ে লাভ কৰে এই সাফল্য । ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি পালে ।
সেইদৰে ,পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ ৩ পজিচন ইভেন্টত ভাৰতে লাভ কৰে ৰূপৰ পদক । পদকজয়ী ভাৰতীয় দলৰ শ্বুটাৰ সকল হ'ল - ঐশ্বৰী প্ৰতাপ সিং টোমাৰ,নিৰাজ কুমাৰ আৰু ৰুদ্ৰাংকক্ষ পাটিল । ইয়াৰ পাছতে ভাৰতৰ পদকৰ সংখ্যা ১৯ টালৈ বৃদ্ধি পালে ।
টেবুল টেনিছৰ জৰিয়তে ভাৰতে চলিত "এছিয়ান গেমছ"ত অৰ্জন কৰে ২০ সংখ্যক পদক । টেবুল টেনিছৰ মিক্সড ডাবোল পেয়াৰত ভাৰতে দখল কৰে ব্ৰঞ্জৰ পদক ।ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মনুষ শ্বাহ আৰু দিয়া চিতালেৰ এই সাফল্য ।
" এছিয়ান গেমছ-২০২৬"ৰ মহিলা শ্বট পুটত ভাৰতে ব্ৰঞ্জৰ পদক দখল কৰে । ১৭.১৭ মিটাৰ দলিয়াই মনপ্ৰীত কৌৰে আজুৰি আনিলে ব্ৰঞ্জ । ফলত,ভাৰতৰ পদকৰ সংখ্যা ২১ টালৈ বৃদ্ধি পালে।
চলিত "এছিয়ান গেমছ"ত ভাৰতলৈ ২২ সংখ্যক পদকটো আহে পুৰুষৰ ১০,০০০ মিটাৰত দৌৰত । ভাৰতীয় দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে ১০,০০০ মিটাৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে দখল কৰে ৰূপৰ পদক । ২৮:২৯.৩৮ মিনিট সময়েৰে খেলুৱৈ গৰাকীয়ে লাভ কৰে এই সফলতা । "এছিয়ান গেমছ"ৰ এই ইভেন্টত দুবাৰকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত গুলবীৰ। বিগত ২০২২ ৰ হাঝো "এছিয়ান গেমছ"তো গুলবীৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক।
"এছিয়ান গেমছ-২০২৬"ৰ প'ল ভল্টত ভাৰতে লাভ কৰিলে পদক । ভাৰতীয় খেলুৱৈ বাৰানিকা এলাংগোভানে ব্ৰঞ্জ দখল কৰি ৰচনা কৰিলে ইতিহাস। "এছিয়ান গেমছ"ৰ প'ল ভল্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বাৰানিকা এলাংগোভান। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ২৩ টালৈ বৃদ্ধি পালে ।
আইচি-নাগোয়া "এছিয়ান গেমছ"ত চীনে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে। সপ্তম দিনৰ অন্তত পদকৰ তালিকাত ১৫৯ টা পদকেৰে শীৰ্ষত জিলিকিছে চীন ।১১৫ টা পদকেৰে দ্বিতীয় স্থানত আছে আয়োজক জাপান। আনহাতে, ২৩ টা পদকেৰে তালিকাৰ দ্বাদশ স্থানলৈ উন্নীত হ'ল ভাৰত।উল্লেখ্য যে, অহা ২৮ ছেপ্তেম্বৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত নামিব ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই।


0 Comments