আই টি এফ ৱল্ডৰ্ মাষ্টাৰ্ছ এম টি ২০০ টেনিছ,দ্বিমুকুট অৰ্জনৰ সুযোগ ইন্দ্ৰকুমাৰ-প্ৰেমজিতৰ

August 27, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ কমপ্লেক্সত চলি থকা :আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ আন্তৰ্জাতিক টেনিছ" প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে হ’বলগা ফাইনেলত ভাৰতৰ ইন্দ্ৰকুমাৰ খাংগেম্বাম সিং আৰু এন প্ৰেমজিৎ সিঙে দ্বিমুকুট অৰ্জন কৰাৰ লক্ষ্যৰে কৰ্টত নামিব৷ উল্লেখ্য যে মনিপুৰ দুই খেলুৱৈয়ে পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এই বয়স শাখাৰে ডাবলছ শাখাতো সিং যুটিয়ে ফাইনেললৈ অগ্ৰসৰ হৈছে৷

প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা ছেমিফাইনেলত ইন্দ্ৰকুমাৰে শীৰ্ষ বাচনিৰ ভূটানৰ পমা ন’ৰ্বুক তিনিটা ছেটৰ অন্তত ৩-৬, ৬-০, ১২-১০ ৰ ব্যৱধানত পৰাস্ত কৰে৷ প্ৰথমটো ছেট হেৰুওৱাৰ পাছত শক্তিশালী প্ৰত্যাৱৰ্তন কৰে ইন্দ্ৰকুমাৰে৷ দ্বিতীয় ছেট সহজে লাভ কৰি নিৰ্ণায়ক তৃতীয় ছেটতো টাইব্ৰকাৰত দখল কৰে৷ ইফালে, আনখন ছেমিফাইনেলত প্ৰেমজিতে হেলাৰঙে অসমৰ অসীম জ্যোতি দত্তক ৬-১, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

ইফালে, পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ ডাবলছ শাখাৰ ছেমিফাইনেলত ইন্দ্ৰজিত-প্ৰেমজিত যুটিয়ে ৬-৩, ৬-০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে পাৰ্থ প্ৰতিম দত্ত আৰু অসীমজ্যোতি দত্ত যুটিক৷ কাইলৈ ফাইনেলত সিং বন্ধুৱে প্ৰীতম দাস শৰ্মা আৰু পেমা নবুৰ্ৰ বিৰুদ্ধে খেলিব৷ আজি হোৱা আনখন ছেমিফাইনেলত ভাৰত-ভূটান যুটিটোৱে ৬-৪, ৭-৬[৪] ৰ ব্যৱধানত পাৰ্থপ্ৰতিম গগৈ আৰু অলকেশ শইকীয়াক পৰাস্ত কৰে৷

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ [আই টি এফ] স্বীকৃত বিশ্ব ৰেংকিঙৰ ছিনিয়ৰ প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ মুঠ চাৰিটা বয়স শাখাৰ খেল অনুষ্ঠিত হৈছে৷ ৪৫, ৫৫ আৰু ৬৫ বছৰ উধ্বৰ্ৰ ছেমিফাইনেল ইতিমধ্যে কালিয়ে সমাপ্ত হৈছিল৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ ফাইনেলত ছৰণদ্বীপ সিং আৰু ৰোহিত লালা মুখামুখি হ’ব৷

আনহাতে, ৫৫ বছৰ উধ্বৰ্ৰ ফাইনেলত কৃষণ ভাটিয়াই ৰোছন কান্ত ঘিছিঙৰ বিৰুদ্ধে খেলিব৷ ৬৫ বছৰ উধ্বৰ্ৰ পুৰুষৰ ফাইনেলত দিলীপ সিং নংমাইথেমেৰ প্ৰতিদ্বন্দ্বী হ’ল লেইচেমছানা মীতেই চিংগনবাম৷ ইফালে, মহিলাৰ ৩৫ আৰু ৪৫ বছৰ উধ্বৰ্ৰ একক আৰু ডাবলছৰ ৰাউণ্ড ৰবীন লীগৰ মেচৰ অন্তত শুক্ৰবাৰে ফাইনেল অনুষ্ঠিত হ’ব৷ একক তথা ডাবলছৰ ফাইনেল পূৱা ৮.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *