“আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা” আৰম্ভ

September 14, 2026

K

Gogo Sports NE

দীপক কুমাৰ দাসৰ প্ৰতিবেদন

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত, নলবাৰী বিদ্যালয় সমূহৰ পৰিদৰ্শক, নলবাৰী জিলা ক্ৰীড়া বিষয়াৰ সহযোগত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে পুৱা দহ বজাৰ পৰা অনুষ্ঠিত কৰা হৈছে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত ল'ৰাৰ ১৫ টা আৰু ছোৱালীৰ ৪ টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰাকমূহুৰ্তত ক্ৰীড়া সংগঠক দীপক কুমাৰ দাসে আতঁধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠক হৰিশ গোস্বামীয়ে। প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পি এম শ্ৰী ঘগ্ৰাপাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই। অতিথি হিচাপে উপস্থিত থাকে নলবাৰী বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাস, নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি হেমেন্দ্ৰ মহন্ত, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, সহকাৰী সম্পাদক প্ৰাৰ্থ প্ৰতীম লহকৰ, ফুটবল সম্পাদক ৰাতুল গোস্বামী, বাস্কেটবল সম্পাদক জয়ন্ত দত্ত, ভলীবল সম্পাদক দেৱজিৎ ডেকা, ক্ৰীড়া সংগঠক বিপুল কুমাৰ সাউদ, ৰাজীৱ শর্মা, ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভাপতি মনোজ ডেকা, উপ সভাপতি শ্যামন্ত শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চা ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভাপতি বিশ্বজিৎ কলিতা আদি বিশিষ্ট ব্যক্তি সকল। উপস্থিত থকা আটায়ে এনেধৰণৰ প্ৰচেষ্টা হাতত লোৱা বাবে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক বুবুল তালুকদাৰৰ লগতে সমূহ বিষয়ববীয়াক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। অহা ১৫ ছেপ্তেম্বৰত বৰক্ষেত্ৰী শিক্ষা খণ্ডত, ১৬ ছেপ্তেম্বৰত পশ্চিম নলবাৰী শিক্ষা খণ্ডত আৰু ৮ অক্টোবৰত পূব নলবাৰী শিক্ষা খণ্ডত আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। প্ৰতিখন শিক্ষা খণ্ডৰ পৰা বচা বচা খেলুৱৈ সকলক একগোট কৰি অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে জনাইছে জনাইছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *