আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃনিব্ৰাছ-শিৱৰ বিদায়, কোৱাৰ্টাৰত আৰৱ ঢেকিয়াল

November 18, 2026

K

Gogo Sports NE

গুৱাহাটী, ১৮ নৱেম্বৰঃঅসমৰ নিব্ৰাছ হুছেইন আৰু শিৱ শৰ্মা গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে৷ বিপৰীতে অসমত জন্ম লাভ কৰা তথা সম্প্ৰতি দিল্লীৰ বাসিন্দা আৰৱ ঢেকিয়ালে অঘটন সৃষ্টিৰে ল’ৰাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷

আই টি এফ স্বীকৃত ১৮ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ বুধবাৰে অনুষ্ঠিত ল’ৰাৰ এককৰ প্ৰি-কোৱাৰ্টাৰৰ খেলত বাচনি বিহিন খেলুৱৈ আৰৱে ৬-২, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে ষষ্ঠ বাচনিৰ দেশৰে শিৱতেজ শ্বিৰফুলেক৷ বিপৰীতে অসমৰ নিব্ৰাছ মন্নন অশোক আগৰৱালাৰ হাতত ৬-১, ৬-১ ৰ ব্যৱধানত তথা শিৱ অডভিদ তিৱাৰীৰ বিৰুদ্ধে ৬-১, ৬-২ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হয়৷ নিব্ৰাছ আৰু শিৱই ৱাইল্ড কাৰ্ড লাভ কৰাৰ বিপৰীতে আৰৱে পোনে পোনে প্ৰতিযোগিতাত খেলাৰ সুযোগ লাভ কৰিছিল৷

উল্লেখ্য যে সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা আন খেলুৱৈসকল হ’লঃ
ভাৰতৰ নীল কেলকাৰ, ওম পেটেল, য়শৱিন দাহিয়া, ৰাঘৱ সাৰোগে আৰু ৰাছিয়াৰ ইয়াকভ মাজিন৷

আনহাতে, বুধবাৰে হোৱা ছোৱালীৰ একক শাখাৰ মেচত অঘটনৰ সন্মুখীন হৈ কোৱাৰ্টাৰ ফাইনেলত বিদায় লয় শীৰ্ষ বাচনিৰ সবিতা ভুৱনেশ্বৰনে৷ ফ্ৰান্সৰ ভেলেৰিয়া গালিয়াভাই ৬-৪, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত ভাৰতৰ সবিতাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ অন্তিম চাৰিত স্থান নিশ্চিত কৰা বাকী তিনি খেলুৱৈ হ’ল, উজবেকিস্তানৰ কেৰিৰা কিম তথা ভাৰতৰ আলীনা ফৰিদ আৰু শ্ৰীনীতি চৌধুৰী৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *