আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছৰ সামৰণিঃপ্ৰেমজিৎ, ছৰণদ্বীপ, বালকৃষ্ণন, শ্বেইলীৰ দ্বিমুকুট অৰ্জন

August 28, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত কমপ্লেক্সত অনুষ্ঠিত "আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ আন্তৰ্জাতিক ৰেংকিং টেনিছ প্ৰতিযোগিতা"ৰ সফল সামৰণি পৰিছে৷ ছিনিয়ৰ পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ চাৰি খেলুৱৈয়ে নিজৰ বয়স শাখাত একক তথা ডাবলচৰ খিতাপ অৰ্জন কৰি দ্বিমুকুট লাভ কৰিবলৈ সক্ষম হৈছে৷ গৌৰৱ অৰ্জন কৰা চাৰি খেলুৱৈ হ’লঃ প্ৰেমজিৎ সিং, ছৰণদ্বীপ সিং, বালকৃষ্ণন ভাটিয়া আৰু শ্বেইলী ত্ৰিবেদী৷

প্ৰতিযোগিতাৰ সকলো শাখাৰে ফাইনেল শুক্ৰবাৰে অনুষ্ঠিত হয়৷ পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত প্ৰেমজিতে সতীৰ্থ ইন্দ্ৰকুমাৰ সিঙক ৬-১, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয়ৰ কৰে৷ আনহাতে, এই শাখাৰ ডাবলচৰ ফাইনেলত ইন্দ্ৰজিত-প্ৰেমজিত যুটিয়ে ৬-১, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে প্ৰীতম দাস শৰ্মা আৰু পেমা নবুৰ্ক৷

ইফালে, পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ ফাইনেলত ছৰণদ্বীপে ৬-৩, ৬-২ ৰ ব্যৱধানত ৰোহিত লালাক পৰাস্ত কৰাৰ লগতে ডাবলচত ছৰণদ্বীপে শ্বাহনৱাজ জাফৰৰ লগত যুটি বান্ধি ৬-৩, ৬-৩ ৰ ব্যৱধানত ৰোছন কান্ত ঘিছিং আৰু ৰাজকুমাৰ সিঙক পৰাস্ত কৰে৷ ৫৫ বছৰ উধ্বৰ্ৰ এককৰ ফাইনেলত বালকৃষ্ণনে ৬-০, ৪-৬, ১১-৯ ৰ ব্যৱধানত ৰোছন কান্তক পৰাস্ত কৰাৰ পাছত ডাবলচত সংগী অৰুন আগৰৱালাৰ স’তে যুটি বান্ধি ৬-২, ৬-১ ৰ ব্যৱধানত ৰণদ্বীপ বৰুৱা আৰু হাকিম আলীক পৰাস্ত কৰে৷

ইফালে, মহিলাৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত শ্বেইলী ত্ৰিবেদী চেম্পিয়ন আৰু ৰাণী কৌড় ৰানাৰ্ছ আপ হয়৷ এই শাখাৰে ডাবলচৰ খিতাপ জয় কৰে শ্বেইলী আৰু ববিতা মহন লাংথাছাই৷ বিপৰীতে ৰানাৰ্ছ আপ হয় নাজনীন ৰহমান আৰু ৰাণী৷ নাজনীন ৪৫ উধ্বৰ্ৰ এককত চেম্পিয়ন হোৱাৰ বিপৰীতে ববিতা ৰানাৰ্ছ আপ হয়৷

ইফালে, পুৰুষৰ এককৰ ৬৫ বছৰ উধ্বৰ্ৰ ফাইনেলত দিলীপ সিঙে ৬-০, ৬-১ ৰ ব্যৱধানত লেইচেমছানা মীতেই চিংগনবামক পৰাস্ত কৰাৰ বিপৰীতে এই শাখাৰ ডাবলচত ভাৰত ফুকন আৰু শিবু মেথিউ চেম্পিয়ন তথা দিলীপ আৰু লেইচেমছানা ৰানাৰ্ছআপ হয়৷

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ট্ৰফী প্ৰদান কৰে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত আৰু জ্যেষ্ঠ টেনিছ খেলুৱৈ টিকেন চন্দ্ৰ বসুমতাৰীয়ে৷ অনুষ্ঠানটো পৰিচালনা কৰে আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ তত্বাৱধায়ক গীতিকা পলে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *